ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক ৰিয়ান পৰাগ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়কৰ নাম ঘোষণা। বৃহস্পতিবাৰে দিনৰ ভাগত ৰাজস্থান ৰয়েলছ কৰ্তৃপক্ষই দলটোৰ অধিনায়কৰ নাম ঘোষণা কৰে। প্ৰথন ৩খন মেচৰ বাবে বেটছমেন তথা অসম সন্তান ৰিয়ান পৰাগক নতুন অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে। ৰাজস্থান ৰয়েলছে ৰাজহুৱা কৰা অনুসৰি আই পি এল ২০২৫ৰ প্ৰথম ৩খন মেচত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব ৰিয়ান পৰাগে। উল্লেখযোগ্য যে হায়দৰাবাদৰ পৰাই ৰাজস্থানে আৰম্ভ কৰিব এইবাৰৰ আই পি এল অভিযান। প্ৰথমখন মেচ খেলিব ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে। এই মেচখনত অনুষ্ঠিত হ’ব ২৩ মাৰ্চত। একেদৰে দ্বিতীয় আৰু তৃতীয় মেচ অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত। ইয়াৰে দ্বিতীয়খন মেচ হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আৰু আনখন চেন্নাইৰ বিৰুদ্ধে। উল্লেখযোগ্য যে দলটোৰ নিয়মীয়া অধিনায়ক সঞ্জু ছেমছনে এই তিনিওখন মেচত এগৰাকী বেটছমেন হিচাপে খেলাৰ কথা সদৰী কৰে ৰাজস্থান ৰয়েলছে। যোৱা কেইসপ্তাহমানৰ পৰা আঙুলিৰ আঘাতত ভুগি থকা সঞ্জু চেমছন এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। চেমছনে বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা বেটিং কৰাৰ অনুমতি লাভ কৰিছে যদিও এতিয়াও উইকেটকীপিঙৰ বাবে গ্ৰীণ চিগনেল লাভ কৰা নাই। এনে পৰিস্থিতিত ৰাজস্থান ৰয়েলছে অধিনায়কত্ব সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে সম্পূৰ্ণ ফিট হৈ অধিনায়ক হিচাপে পুনৰ ঘূৰি আহিব সঞ্জু।