ৰাছিয়াৰ মস্কোত অনুষ্ঠিত উশ্বু সমৰকলাত ডিব্ৰুগড়ৰ কাশ্যপী সোনোৱালৰ ৰূপৰ পদক লাভ

ৰাছিয়াৰ মস্কোত অনুষ্ঠিত উশ্বু সমৰকলাত ডিব্ৰুগড়ৰ কাশ্যপী সোনোৱালৰ ৰূপৰ পদক লাভ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাছিয়াত অনুষ্ঠিত উশ্বু সমৰকলাত দেশৰ হৈ পাৰদৰ্শিতা প্ৰদৰ্শনেৰে সফলতা অৰ্জন কৰি গৃহ চহৰ ডিব্ৰুগড়ত উপস্থিত হয় কাশ্যপী সোনোৱাল । ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হোৱা ‘Wushu Star International Championship 2025’ত দেশৰহৈ প্ৰতিনিধিত্ব কৰি কাশ্যপী সোনোৱালে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আজি (১২-৬-২০২৫)ডিব্ৰুগড়ৰ  মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে-লগে কাশ্যপী সোনোৱালক তেওঁ অধ্যয়ন কৰা ডিব্ৰুগড় “সম্পূর্ণ কেন্দ্ৰীয় বিদ্যালয়”ৰ লগতে আত্মীয় আৰু ক্ৰীড়াসংগঠন সমূহে বিপুল আদৰণি জনায়। ডি এইচ এছ কানৈ মহাবদ্যিালয় (স্বায়ত্বশাসিত)-ত খেলুৱৈ গৰাকীক গামোছাৰে উষ্ম আদৰণী জনায় মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ডিব্ৰুগড় জিলা উশ্বু সন্থাৰ সভাপতি ড° শশীকান্ত শ‍ইকীয়া, ডিব্ৰুগড় জিলা উশ্বু সন্থাৰ উপ-সভাপতি তথা কানৈ মহাবিদ্যালয়ৰ অধ্যাপক ড° জ্যোতি প্ৰসাদ ফুকন, ডিব্ৰুগড় জিলা উশ্বু সন্থাৰ সম্পাদক তথা প্ৰশিক্ষক মমী কছাৰী আৰু কানৈ মহাবিদ্যালয়ৰ এন চি চিগোটে। ডিব্ৰুগড় কদমণি ৰেৱা আগৰৱালা পথৰ নিবাসী জয়ন্ত সোণোৱাল আৰু চিংকুমণি সোনোৱালৰ কন্যা তথা ডিব্ৰুগড় সম্পূর্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত কাশ্যপী সোণোৱাল ২ মে’ৰ পৰা ৬ মে’ লৈ উত্তৰাখণ্ড ডেৰাডুনৰ ৰায়পুৰত অনুষ্ঠিতহোৱা বাচনি পৰীক্ষাত অংশগ্ৰহণ কৰি ৰাছিয়াৰ মস্কোত ১ জুনৰ পৰা ৭ জুনলৈ অনুষ্ঠিত হোৱা মস্কো উশ্বুষ্টাৰ চেম্পিয়ন শ্বীপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত হৈছিল। উল্লেখযোগ্য যে কাশ্যপী সোনোৱালে ইতিমধ্যে ডিব্ৰুগড় জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু পাঞ্জাৱ, কলিকতা, ঝাৰখণ্ড, হিমাচল প্ৰদেশ, ইম্ফল, মণিপুৰ, শ্বিলং, উত্তৰাখণ্ড আদিৰ উপৰিও চীন, ৰাছিয়া আদিত অংশগ্রহণ কৰি সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে খেলুৱৈগৰাকীয়ে ২০২২-ত ৰাছিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো দেশৰ হৈ প্ৰতিনিধিত্ব কৰি চতুৰ্থ স্থান লাভ কৰি পদক লাভ কৰিছিল। চীনৰ এমিস্তানত ২০২৩চনত অনুষ্ঠিত হোৱা ৱৰ্ল্ড চেম্পিয়নশ্বীপ উশ্বুত সোনোৱালে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।