ৰহা উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতিৰ অভিযোগ

Pc tribune India

ৰহা উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও জিলাৰ ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰমীলা পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ । পঞ্চায়ত সভাপতিৰ লগতে একাংশ ৱাৰ্ড মেম্বাৰে চৰকাৰী আঁচনি ৰূপায়নৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলি পুঠিমাৰীত পঞ্চায়তটোৰ ৰাইজে সভা অনুষ্ঠিত কৰি সাব্যস্ত কৰে প্ৰতিবাদ। চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ লগতে অন্যান্য আঁচনি সমূহৰ পৰা প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰোৱাৰ অভিযোগ তুলি শতাধিক ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদী ৰাইজ । ইফালে, পঞ্চায়ত সভাপতিজনে কোনো আঁচনিতে অনিয়ম সংঘটিত হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে অনিয়মৰ প্ৰমাণ পালে আইনগত ভাৱে প্ৰদান কৰা শাস্তি লবলৈ সাজু বুলি প্ৰকাশ কৰে ।