ৰহাৰ চাপৰমুখত বানাক্ৰান্তসকলৰ খবৰ ল’লে মন্ত্ৰী পীযুষ হাজৰীকাই

pc facebook

ৰহাৰ চাপৰমুখত বানাক্ৰান্তসকলৰ খবৰ ল’লে মন্ত্ৰী পীযুষ হাজৰীকাই

ৰঙিলী বাৰ্ত্তাসেৱা-  জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ৰহা সমষ্টিৰ চাপৰমুখত বানাক্ৰান্তসকলৰ খবৰ লয়।চাপৰমুখৰ তিনিটা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে খাদ্য সামগ্ৰী, খোৱাপানী আৰু ঔষধ আদিৰ সুব্যৱস্থা কৰি দিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে তিনিখুটি অঞ্চলত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়।তিনিখুটিত বিগত সময়ত খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছিল যাৰ ফলত এতিয়া অঞ্চলটোত খহনীয়া নাই যদিও পথৰ ওপৰেৰে নদীৰ পানী বৈ কাষৰীয়া অঞ্চল প্লাৱিত কৰি বানৰ সৃষ্টি কৰিছে।মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ বান পৰিস্থিতিৰ বুজ লৈ পৰৱৰ্তী সময়ত দেউবালি আৰু ফুলগুৰিত উপস্থিত হৈ বানাক্ৰান্তসকলৰ আশ্ৰয় শিবিৰত বানাক্ৰান্তসকলৰ খবৰ লয়।পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে সাহাৰ্য সামগ্ৰীৰ উপযুক্ত ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে।