ৰমজান মাহ আৰু সন্তানৰ অভ্যাস গঠণত অভিভাৱকৰ কিছু কৌশল – নাজমিনা মজিদ

Pc Peakpx

ৰমজান মাহ আৰু সন্তানৰ অভ্যাস গঠণত অভিভাৱকৰ কিছু কৌশল   

ৰমজান মাহ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ বাবে এটা পৱিত্ৰ তথা মৰ্যদাশীল মাহ ।ইছলামৰ পাঁচটা খুঁটিৰ ভিতৰত ৰোজা অন্যতম । ইছলাম ধৰ্মত এগৰাকী সুস্থ সবল ব্যক্তিৰ বাবে ৰমজান মাহত ৰোজা ৰখাটো ফৰজ অৰ্থাৎ বাধ্যবাধক । এই মাহটোক সহানুভূতিৰ মাহ বুলি কোৱা হয় । এই মাহটোত মানুহৰ খোৱা বোৱা অৰ্থাৎ ৰিজিকৰ হিচাপ নোহোৱাকৈ বঢ়াই দিয়া হয় বুলি কোৱা হয় । এগৰাকী ৰোজাদাৰ ব্যক্তিক যিগৰাকী ব্যক্তিয়ে ইফতাৰ কৰাব তাৰ গোনাহ মোচন হ’ব । জাহান্নামৰ পৰা মুক্তি পাব । এই ৰমজান মাহ অৰ্থাৎ ত্ৰিশটা দিন তিনিটা ভাগত ভাগ কৰিছে প্ৰথম দহটাক ৰহমতৰ অংশ বুলি কৈছে । মাজৰ দহটাক এই অংশ ৰোজাৰ বিনিময়ত পাপ মাপ হ’ব বুলি বৰ্ণিত । তৃতীয় অংশত যিয়ে ৰোজা ৰাখিব জাহান্নামৰ পৰা মুক্তি পাব । সন্তান এটিৰ ৰোজা ফৰজ হয় সাত বছৰত । শিশুটিয়ে একেৰাহে দহ,এঘাৰ ঘণ্টা ইমান সময় লঘোনে থাকিব নোৱাৰে সহজে । সাত বছৰ পাৰ হ’লে যিহেতু ৰোজা বাধ্যবাধক তাৰ বাবে আমি শিশুটিক অভ্যাস কৰাব লাগে । সাত বছৰ পাৰ হোৱাৰে পৰা । শিশু সকল অনুকৰণ প্ৰিয় । সেয়েহে সাধাৰণতে দেখা যায় যেতিয়াই পিতৃ মাতৃ চেহেৰী গ্ৰহণ কৰিবলৈ উঠে । শিশুটিও আহাৰ গ্ৰহণ কৰিবলৈ ইচ্ছুক হয় । টোপনি ক্ষতি হয় বুলি বহু অভিভাৱকে শাসন কৰে নতুবা বিৰক্ত হোৱা দেখা যায় । এনে নকৰি শিশুটিক চেহেৰী গ্ৰহণ কৰিবলৈ দিব লাগে । দিনৰ আধা সময়  লঘোন থকাৰ পিছত শিশুটিক খোৱাব লাগে আৰু মৰমেৰে বুজাই দিব লাগে । আজি আধা ৰোজা সম্পন্ন হ’ল । কাইলৈ আধা দিন লঘোনে থাকিলে এটা ৰোজা সম্পূৰ্ণ হ’ব । এনেদৰে কিছু কৌশল কৰি নিজৰ শিশুটিক ৰোজা ৰখাৰ অভ্যাস গঠণ কৰিব লাগে । ৰোজা ৰখাটো কেৱল ধৰ্মৰ কাৰণে ভাল সেইটোৱেই নহয় বিজ্ঞান সন্মত ভাৱে স্বাস্থ্যৰ কাৰণেও ভাল । শিশু এটিক সৰুৰে পৰা নীতি-নিয়ম শিষ্টাচাৰ,সু-সংস্কাৰেৰে গঢ়ি তোলাৰ দায়িত্ব অভিভাৱকৰ ।

  নাজমিনা মজিদ
ধুবুৰী