‘ৰমজানৰ কবিতা’ৰ নৱম বাৰ্ষিক সংখ্যাৰ শুভ উন্মোচন

‘ৰমজানৰ কবিতা’ৰ নৱম বাৰ্ষিক সংখ্যাৰ শুভ উন্মোচন

আদিলুৰ ৰহমান, টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা-  মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ খাইৰ প্ৰকাশনে প্ৰতি বছৰে পৱিত্ৰ ৰমজান মাহ উপলক্ষে ৰমজান মাহত প্ৰকাশ কৰা ‘ৰমজানৰ কবিতা’ নামৰ অসমীয়া কাব্য সংকলনখনৰ নৱম বাৰ্ষিক সংখ্যাটি  আবেলি ৩ বজাত মৈৰাবাৰী প্ৰেছ ক্লাৱত খাইৰ প্ৰকাশনৰ পৰিচালন সঞ্চালক মুহাম্মাদ আফজালৰ পৌৰোহিত্যত শুভ উন্মোচন হৈ যায়৷ কবি খাইৰুল ইছলাম আৰু মুহাম্মাদ আফজাল সম্পাদিত কাব্য সংকলনখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক, জ্যেষ্ঠ কবি হানিফ উদ্দিন আহমেদ আৰু বিশিষ্ট কবি, শিক্ষক ৰেকিবুল আজাদে। হাফিজ আসাদ মদনীৰ ক্বুৰআন পাঠেৰে শুভাৰম্ভ হোৱা উন্মোচনী সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে খাইৰ প্ৰকাশনৰ স্বত্বাধিকাৰী খাইৰুল ইছলামে৷ সভাত উপস্থিত থাকি কবি হানিফ উদ্দিন আহমেদ, খাইৰুল ইছলাম, মতিউৰ ৰহমান, আসাদ মদনী আৰু মুহাম্মাদ আফজালে নিজৰ নিজৰ ৰমজানৰ কবিতা পাঠ কৰে৷ ‘ৰমজানৰ কবিতা’ৰ মুখ্য সম্পাদক খাইৰুল ইছলাম আৰু সম্পাদক মুহাম্মাদ আফজালে বছৰে বছৰে ৰমজান মাহত অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলে কবিতাৰে আগবঢ়াই অহা সক্ৰিয় সহযোগিতাৰ আন্তৰিক শলাগ লয়৷