ৰবীন্দ্ৰ ভৱনত ‘জীৱন এষনা’ উন্মোচন 

ৰবীন্দ্ৰ ভৱনত ‘জীৱন এষনা’ উন্মোচন 

ৰঙিলী বাৰ্ত্তাসেৱা-   অসমৰ প্ৰাক্তন নিৰ্বাচন আয়ুক্ত , সমাজ – সংস্কৃতিহিতৈষী চন্দ্ৰ কুমাৰ শৰ্মাৰ  কৰ্মজীৱন আৰু তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানক  লৈ ৰচিত জীৱনী মূলক অভিনন্দন গ্ৰন্থ ‘জীৱন এষনা’ ৰবীন্দ্ৰ ভৱনৰ প্ৰেক্ষাগৃহত  উন্মোচন কৰা হয়  । চন্দ্ৰ কুমাৰ শৰ্মা  প্ৰকাশন পৰিচালনা সমিতিৰ উদ্যোগত আৰু অসম কবিতা একাডেমীৰ  সহযোগত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ  গ্ৰন্থ উন্মোচনী অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে অৰুণাচল প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল , অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব জ্যোতিপ্ৰসাদ ৰাজখোৱাই ।  আনহাতে এই উপলক্ষে  সমিতিৰ সভাপতি ড° পৰাগ কুমাৰ ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্ৰসংগত জ্যোতিপ্ৰসাদ ৰাজখোৱাই  অবিভক্ত কামৰূপ আৰু বৰ্তমানৰ  নলবাৰী জিলাৰ নিজ বাঁহজানি  গাঁওৰ  এটা আদৰ্শ কৃষক পৰিয়ালৰ সন্তান হৈও  নিজৰ দক্ষতা আৰু যোগ্যতাৰ বলত চন্দ্ৰ কুমাৰ শৰ্মাই  উচ্চপদত অধিষ্ঠিত হোৱা বিষয়টোৰ আলোকপাত কৰে আৰু গ্ৰন্থখন পাঠক সমাজে আদৰি লব বুলি আশা ব্যক্ত কৰে ।  আনহাতে সমিতিৰ  সম্পাদক হেমন্ত কুমাৰ চৌধুৰীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা  অনুষ্ঠানত   বিশিষ্ট অতিথি হিচাপে  অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া দীনেশ বৰ্মন ,  অৱসৰপ্ৰাপ্ত  অধ্যাপক ক্ৰমে ড° দেৱেন দত্ত , ড° নগেন শৰ্মা , মুনীন্দ্ৰ নাৰায়ণ গোস্বামী আৰু ড° সুৰেশ কুমাৰ আৰ্য , অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বীৰেন ডেকা , সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু অক্ষয় কুমাৰ মিশ্ৰ , জ্যেষ্ঠ অধিবক্তাদ্বয় পুলিন গোস্বামী আৰু অতুল শৰ্মা , বৰাগাঁওস্থিত আই এ এছ এছ টিৰ গ্ৰন্থাগাৰিক তাৰিণী গোস্বামীকে ধৰি সাহিত্য , সাংস্কৃতিক , শৈক্ষিক ক্ষেত্ৰখনৰ লগত জড়িত  কেইবাজনো ব্যক্তি , চন্দ্ৰ কুমাৰ শৰ্মাৰ জীয়ৰী মিনাক্ষী শৰ্মা ডাৱা আৰু নিলাক্ষী শৰ্মা দত্তকে ধৰি  পৰিয়ালৰ কেবাজনো সদস্য উপস্থিত থাকে ।  আনহাতে চন্দ্ৰ কুমাৰ শৰ্মাই গ্ৰন্থখন সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি ছাত্ৰাৱস্থাৰ পৰা অৱসৰলৈকে  জীৱন পৰিক্ৰমাৰ কিছু অভিজ্ঞতা দাঙি ধৰে ।