ৰপ্তানি বিগত ৫ বছৰত ৩৩৪ শতাংশ বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কৈছে যে প্ৰতিৰক্ষা বাহিনীসমূহৰ আধুনিকীকৰণ মান সম্পন্ন আৰু ব্যয় সাধ্য প্ৰতিৰক্ষা ব্যৱস্থা আৰু এখন মঞ্চ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। নতুন দিল্লীত প্ৰতিৰক্ষা মেলা ২০২২ৰ বাবে ৰাষ্ট্ৰদূতসকলৰ ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কৰি শ্ৰীসিঙে কৈছে যে, ভাৰতৰ মহাকাশ আৰু প্ৰতিৰক্ষা নিৰ্মাণ খণ্ডই উচ্চ শিখৰত আৰোহণ কৰাৰ বাবে সাজু হৈ উঠিছে। তেওঁ কয় যে, দেশৰ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি বিগত ৫ বছৰত ৩৩৪ শতাংশ বৃদ্ধি হৈছে আৰু বৰ্তমান ভাবতে ৭৫খনতকৈয়ো অধিক দেশলৈ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰিছে। এই বৃদ্ধিয়ে ভাৰতীয় সামগ্ৰীৰ গুণাগুণ আৰু প্ৰতিযোগিতামূলক দিশত ফেৰ মাৰিব পৰাকৈ শক্তিশালী হৈ উঠা কথাকে প্রতিফলিত কৰে। শ্রীসিঙে দেশৰ প্ৰতিৰক্ষাৰ আধুনিকীকৰণ আৰু সম্ভাৱনীয়তাসমূহ বৃদ্ধিৰ বাবে চৰকাৰৰ সহযোগিতাৰ দায়বদ্ধতাক প্রতিফলিত কৰে বুলি প্ৰকাশ কৰিছে। তেওঁ প্ৰতিৰক্ষাৰ বাজেটৰ কথা আঙুলিয়াই দি কয় যে, ২০২১ ২২ বৰ্ষৰ বার্ষিক বাজেটত এই হাব ১৮ দশমিক ৭-৫ শতাংশ বৃদ্ধি কৰা হৈছে। এই বৃদ্ধি বিগত ১৫ বছৰত সর্বাধিক। আজিৰ কাৰ্যসূচীত ৯০ খনৰো অধিক দেশৰ ২০০ৰো অধিক প্রতিনিধিয়ে অংশ লয়। উল্লেখযোগ্য যে প্ৰতিৰক্ষা মেলা ২০২২ গুজৰাটৰ গান্ধীনগৰত অহা বছৰ মাৰ্চ মাহত ১০ ৰ পৰা ১৩ তারিখলৈকো অনুষ্ঠিত হ’ব। শ্রীসিঙে এই মেলাই মহাকাশ আৰু প্ৰতিৰক্ষা উদ্যোগৰ অংশীদাৰসকলক ভালেমান সুবিধা প্ৰদান কৰিব।