ৰঙা বেলিৰ আবেলি – ৰুমী কলিতা দত্ত

ৰঙা বেলিৰ আবেলি
ৰুমী কলিতা দত্ত, ডিব্ৰুগড়
শীতৰ কুঁৱলী ফালি ৰঙা বেলি ওলালে
সেউজীয়া পাততে নিয়ৰ টোপাল সৰিলে ।
সন্ধিয়াৰ আকাশতে জোন তৰাৰ ধেমালি
ককাদেউতাৰ সাধুকথা আইতাৰ নিচুকণি।
সন্ধিয়া চোতালতে জোনাকীয়ে নাচিলে
পিছে পিছে দৌৰি গৈ সিহঁতক ধৰিবলে।
দবাপিতা বৰষুণত পানীবোৰ যায় বাগৰি
উটুৱাই দিছিলানে কাগজৰে নাও সাজি ?
শিল-বৰষুণ আহিলে ভিতৰতে সোমালে
চেঁচা চেঁচা বৰফবোৰ হাতত তুলি লোৱানে ?
সন্ধিয়া  বাৰীতে হুডুৱে মাত লগালে
কম্বলখনি লগত লৈ তলত সোমাই থাকানে ?
পঢ়া টেবুলত বহি আছিলা টোপনি মাৰি
হালোৱা এচাৰিয়ে মায়ে দিলে এশিকনি ।
আইতা দৌৰি যায় কোলাতে তুলি লয়
ভোৰভোৰাই  মায়ে ভিতৰলৈ সোমাই যায় ।