ৰʼদৰ চিঠিৰ দৰে-    মানসী মিশ্ৰ

pc-Unsplash

 ৰʼদৰ চিঠিৰ দৰে

                   মানসী মিশ্ৰ

পশ্চিমৰ আকাশৰ বেলিৰ

স্তিমিত ৰʼদ এইজাক

হয়তো তোমাৰ ভালপোৱাৰ উত্তাপৰ দৰেই

সন্ধ্যা তৰাৰ আকাশৰ মতে উমলিব খোজো মই

ঠিক তোমাৰ সোণবৰণীয়া ওঠৰ হাঁহিটিৰ দৰেই

বকুল তলত বহি শুনা সাধুবোৰৰ সতেই হেৰাই যাব খোজে

মোৰ আজীৱন ভালপোৱা, ভাল লগাবোৰ

যʼত মোৰ ধমনীয়ে প্ৰবাহিত হয়

কাৰোবাৰ চেনেহৰ প্ৰতিটোপাল উমাল তেজ

উশাহত প্ৰতিধ্বনিত হয় কাৰোবাৰ মৰমৰ

সেয়া চিনাকী স্পন্দন

এয়াতো ভালপোৱাৰ অনাবিল গান

যাৰ বুকুত বাজি উঠে

হৃদয় বীণাৰ তান আৰু এয়াই নেকি

মোৰ হৃদয়ৰ প্ৰতিটো কোঠালীত বাজি থকা

ভালপোৱা, ভালপোৱা আৰু ভালপোৱা বোৰ।