৯ টা বিৰোধী ৰাজনৈতিক দলৰ উমৈহতীয়া সংবাদ মেল

Pc Northeast Now

৯ টা বিৰোধী ৰাজনৈতিক দলৰ উমৈহতীয়া সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহক লৈ বিগত দিনবোৰত অসমৰ ৰাইজক যিবোৰ কথাৰে মাতৃভাষা মাধ্যমক অপ্ৰাসংগিক কৰিবলৈ অপচেষ্টা কৰিছিল সেই সকলোৰে অন্তৰ্নিহিত উদ্দেশ্যই হ’ল অসমৰ শিক্ষাখণ্ডক কোনো অনা অসমীয়া বেপাৰীৰ হাতত তুলি দি অসমীয়াকে ধৰি ৰাজ্যখনৰ সকলো মাতৃভাষাক ধ্বংস কৰা৷নিজৰ পৃষ্ঠপোষকতাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ইংৰাজী মাধ্যমৰ বিলাসবহুল শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰি শিক্ষাক দুখীয়া,নিচলা মানুহৰ বাবে দুঃসাধ্য এক পণ্য সামগ্ৰীত পৰিণত কৰি বেপাৰ আৰম্ভ কৰাৰ মানসেৰে তেওঁ যি ষড়যন্ত্ৰৰ জাল ৰচনা কৰিছে তাৰ বিৰুদ্ধে অসমৰ প্ৰতিগৰাকী লোকে আজি ভয়-ভীত এৰি তীব্ৰ প্ৰতিবাদ কৰিবলৈ ওলাই অহাৰ সময়৷-এই মন্তব্য ৰাজ্যৰ সাংসদ অজিত কুমাৰ ভূঞাৰ৷আজি গুৱাহাটী প্ৰেছ ক্লাবত কংগ্ৰেছ,চিপিআই(এম),চিপিআই,চিপিআই(এম এল),জাতীয় দল,অসম,ৰাইজৰ দল,অসম জাতীয় পৰিষদ,এনচিপি,আৰজেডিয়ে উমৈহতীয়াভাৱে অনুষ্ঠিত সংবাদ মেলত পুনৰ অজিত কুমাৰ ভূঞাই কয়-কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়,তাৰিণীচৰণ চৌধুৰী ছোৱালী হাইস্কুল,সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়,গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়,পাণবজাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়,বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়,কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়,কালিৰাম বৰুৱা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় আদি ৮ খন বিদ্যালয়ৰ অৱস্হা অবৰ্ণনীয় পৰিৱেশ৷কিন্তু এয়া আমাৰ এক প্ৰাৰম্ভিক প্ৰয়াস৷মিছলীয়া মুখ্যমন্ত্ৰীগৰাকীৰ চৰিত্ৰ অসমৰ ৰাইজৰ সন্মুখত উলংগ ৰূপত তুলি ধৰিবলৈ,অসমৰ বিদ্বৎ সমাজৰ আগত তেওঁৰ ষড়যন্ত্ৰৰ স্বৰূপটো উদঙাই দিবলৈ আমি এই প্ৰয়াস আৰম্ভ কৰিছোঁ৷এই ষড়যন্ত্ৰৰ বিৰুদ্ধে ২৮ ছেপ্টেম্বৰত ৯ টা বিৰোধী ৰাজনৈতিক দলে মিলিজুলি এক অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে৷সেইদিনা পুৱা ১১ বজাৰ পৰা ২ ঘন্টাৰ বাবে গুৱাহাটী ক্লাবৰ লক্ষ্মীনাথ বেজবৰুৱা স্মাৰকস্তম্ভৰ কাষত কেউটা দলে শিক্ষাবিৰোধী নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ অৱস্হান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হ’ব৷সংবাদ মেলত ভূঞাই কয়- বিৰোধী প্ৰতিনিধি দলে ৫,৯ আৰু ১২ ছেপ্টেম্বৰত গুৱাহাটীৰ ঐতিহ্যমন্দিত স্কুলসমূহৰ মাজৰ মুঠ ৮ খন স্কুল পৰিদৰ্শন কৰি চৰকাৰী খন্দৰ স্কুলসমূহৰ সা সমস্যা,আন্তঃগাঁথনিমূলক অভাৱ- অভিযোগৰ ক্ষেত্ৰভিত্তিক তথ্য সংগ্ৰহৰ চেষ্টা কৰিছিল আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন সময়ত ৰাজহুৱা খন্দৰ শিক্ষানুষ্ঠানসমূহৰ পঁয়ালগা অৱস্হাটোৰ বাবে শিক্ষক- শিক্ষয়িত্ৰী,শিক্ষাৰ্থী আৰু অভিভাৱকসকলক মূলতঃ জগৰীয়া কৰি অহা কথাৰ সত্যাসত্য জানিবলৈ প্ৰয়াস কৰা হৈছিল৷বৰ্তমান চৰকাৰী বিদ্যালয়ৰ অৱস্থা পুতৌজনক৷অৰ্থৰ অভাৱত উন্নতি কৰিব পৰা নাই৷হাবি জংঘলেৰে ভৰি আছে৷এবছৰত বিদ্যালয়সমূহে ৫০ৰ পৰা ৭৫ হাজাৰ টকা লাভ কৰে৷বিদ্যালয়সমূহত চকীদাৰ নাই,যাৰবাবে লেবটৰীৰ যন্ত্ৰসমূহ চুৰি হৈছে৷বিদ্যালয়ত নলা, খোৱাপানীৰ সু ব্যৱস্থা নাই৷স্থায়ী প্ৰধান শিক্ষক, অধ্যক্ষ নাই, যাৰবাবে অস্থায়ী প্ৰধান শিক্ষক, অধ্যক্ষৰে কাম চলাই আছে৷চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ ব্যক্তিগত খন্দৰ পোষকতা কৰিছে৷ইংৰাজী মাধ্যমৰ স্বাৰ্থত আৰু ব্যক্তিগত খন্দৰ বিদ্যালয়ৰ স্বাৰ্থত,চৰকাৰী খন্দৰ বিদ্যালয় বন্ধ কৰাৰ চৰকাৰৰ এয়া ষড়যন্ত্ৰ৷চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি ঠিক কৰিব লাগিব চৰকাৰে৷সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ মনজিৎ মহন্ত,চিপিআই(এম)ৰ ইছফাকুৰ ৰহমান,চিপিআইৰ ৰাজ্যিক সম্পাদক মুনিন মহন্ত,ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইন,চিপিআই(এম এল)ৰ ৰাজ্যিক সম্পাদক পংকজ কুমাৰ দাস,অসম জাতীয় পৰিষদৰ মুখপত্ৰ অমৃত কুমাৰ খাটনিয়াৰ,ৰাষ্ট্ৰবাদী কংগ্ৰেছৰ সাংগঠনিক সম্পাদক পৰেশ বৰুৱা,ৰাষ্ট্ৰীয় জনতা দলৰ ৰাষ্ট্ৰীয় নেতা কামাখ্যা পান্দে উপস্থিত থাকে৷