৯৬০ কোটি টকা সোমাল বিহাৰৰ দুজন স্কুলীয়া ছাত্ৰৰ বেংক একাউণ্টত

pc India.com

৯৬০ কোটি টকা সোমাল বিহাৰৰ দুজন স্কুলীয়া ছাত্ৰৰ বেংক একাউণ্টত

অনলাইন বাৰ্ত্তাসেৱা – দেশখনত বৰ্তমান সময়ছোৱাত চলি থকা বিভিন্ন ঘটনা সমূহৰ মাজতেই পোহৰলৈ আহি আন এক আচৰিত আৰু অবিশ্বাস্য ঘটনা। বিহাৰত দুই ছাত্ৰৰ বেংক একাউণ্টত সোমাল ৯৬০ কোটি টকা। বিহাৰৰ দুজন স্কুলীয়া ছাত্ৰৰ বেংক একাউণ্টত ৯৬০ কোটি টকা জমা হোৱা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য। ৰাজ্যখনৰ কাটিহাৰ জিলাৰ বাগাউৰা পঞ্চায়তৰ পাছটিয়া গাঁৱৰ ঘটনা। এই গাঁওখনৰ দুই ছাত্ৰ গুৰুচন্দ্ৰ বিশ্বাস আৰু অচিত কুমাৰে বিদ্যালয়ৰ পোছাকৰ ধন জমা হৈছে নে নাই, সেই কথা জানিবলৈ বেংকলৈ গৈছিল। অচিতৰ একাউণ্টত ৯০০ কোটি আৰু গুৰচন্দ্ৰৰ একাউণ্টত ৬০ কোটি টকা জমা হোৱা বুলি বেংক বিষয়াই জানিবলৈ দিয়ে। লগে লগে এই ঘটনাক লৈ উত্তৰ বিহাৰৰ গ্ৰামীণ বেংকতো হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। বেংকৰ প্ৰবন্ধকে তাৎক্ষণিকভাৱে দুয়োৰে একাউণ্টৰ ধনৰ লেনদেন বন্ধ কৰি দিয়ে। বিভিন্নজনে এয়া বেংকৰ ভুলৰ বাবে হৈছে বুলি ধাৰণা কৰিছে যদিও একাংশই বেংক প্ৰৱঞ্চনাৰ এয়াও এক পদ্ধতি হ’ব পাৰে বুলি মন্তব্য কৰিছে।

(UD.)