৮৪ বছৰীয়া বৃদ্ধাই ৬ বছৰেও নাপালে চৰকাৰী আবাস যোজনাৰ গৃহ

৮৪ বছৰীয়া বৃদ্ধাই ৬ বছৰেও নাপালে চৰকাৰী আবাস যোজনাৰ গৃহ

নিখিল ৰঞ্জন গোস্বামী, কপাহেৰা,মৰিগাঁও, ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ অৰ্ন্তগত বৃহত্তৰ ইতিহাস প্ৰসিদ্ধ কপাহেৰা অঞ্চলৰ ভকতগাঁও গাঁও পঞ্চায়তৰ অধীনস্থ ভকতগাঁওৰ বাসিন্দা দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৮৪ বছৰীয়া নিঃসঙ্গঁ বৃৃদ্ধ গণেশ শইকীয়াদেৱে আজিও নেপালে প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ এটা চৰকাৰী গৃহ।

অতি দুখ তথা পৰিতাপৰ আৰু চিন্তনীয় বিষয়তো হ’ল দুৰ্ভগীয়া অসহায় গণেশ শইকীয়াই ২০১৫চনৰ সেইসময়ৰ বটদ্ৰৱা সমষ্টিৰ বিধায়ক মাননীয় গৌতম বৰাদেৱলৈ ৪/১১/২০১৫চনতেই এখন আবেদন প্ৰদান কৰিছিল। তেখেতে আবেদন পঢ়ি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে  দলংঘাট খণ্ড উন্নয়ন বিষয়াগৰাকীলৈ আবেদনখনত Recomended কৰি পঠালে। দুৰ্ভাগ্য, লাজৰ কথা যে B.D.O গৰাকী এইক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে(সম্ভৱতঃ সেই সময়ত বৰ্তমান এই সমষ্টিৰ বিধায়িকা মাননীয় শিবামণি বৰা ডাঙৰীয়ানীয়েই আছিল)।যাৰ ফলত জহি-খহি যোৱা ঘৰতোত থাকিবৰ অনুপযোগী  হোৱাত তেওঁ এতিয়া আনৰ গৃহত আশ্ৰয় ল’ব লগা হৈছে।  উল্লেখযোগ্য যে  ২০১৬ চনত নলবাৰীৰ জীয়ৰি কপাহেৰাৰ বোৱাৰী মাননীয় বিধায়িকা আঙুৰলতা ডেকাই ঘৰটো চাই “এইবাৰ আপুনি ককা ঘৰ পাবই” বুলি কোৱা সত্বেও কিন্তু দুৰ্ভগীয়া গৰাকীৰ কপাল নুফুলিল। মনকৰিবলগীয়া কথা যে গাঁওখনৰ বহু নেপাবলগীয়া, তালিকাত নাম নথকা পৰিয়ালেও কিন্তু ঘৰ পাইছে। এনেবোৰ পক্ষপাতিত্ব মূলক কাৰ্যই সাধাৰণ জনতাৰ মনত সাংঘাতিক দুখ দিয়াৰ লগতে বিদ্ৰোহ , ঘৃণা, অনীহাৰ ভাবৰ সৃষ্টি কৰিছে।” খেনক দেখি ৰন্ধা-বঢ়া, খেনক দেখি দুৱাৰ বান্ধা” এই নীতি চৰকাৰৰ প্ৰতিনিধি সকলে পৰিত্যাগ কৰি প্ৰকৃত হিতাধিকাৰী জনতাক চৰকাৰৰ পাবলগীয়া সুবিধাখিনি প্ৰদান কৰি জনসাধাৰণৰ প্ৰিয়ভাজন হোৱাৰ প্ৰকৃত সমাজসেৱা কৰাৰ মনোভাৱৰ পৰিচয় দিয়ক।