৭ আগষ্টৰ পৰা অগ্নিপথ আঁচনিৰ বিৰুদ্ধে অভিযান: ৰাকেশ টিকাইত
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ বাগপতত কৃষক মণ্ডলীত ভাষণ দি ভাৰতীয় কিষাণ কেন্দ্ৰীয় নেতা ৰাকেশ টিকাইটে কয় যে তেওঁৰ কৃষক গোটে ৭ আগষ্টৰ পৰা কেন্দ্ৰৰ অগ্নিপথ সামৰিক নিযুক্তি আঁচনিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। তেওঁ লগতে কয়, “এসপ্তাহৰো অধিক সময় ধৰি এই অভিযান অব্যাহত থাকিব।” “বিষয়টোক লৈ কেন্দ্ৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে যুঁজ এতিয়াও আৰম্ভ হোৱা নাই,” টিকাইটে কয়।