৭৮ তম্ পলাশবাৰী ৰাস মহোৎসৱৰ শুভাৰম্ভ উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননী গোপাল মহন্তই
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ ঐতিহ্যৰে গৰকা পলাশবাৰী ৰাস মহোৎসৱ বিগত বছৰবোৰৰ দৰে এইবেলিও শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস লীলাৰে পলাশবাৰী ৰাস মহোৎসৱ যোৱা ১৫ নবেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ পোন্ধৰদিনীয়াকৈ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। এইবেলি ৰাস মহোৎসৱৰ কাৰ্যসূচী অনুসৰি যোৱা ১৫ নবেম্বৰত ৰাতি পুৱা ১০ বজাত পতাকা উত্তোলন কৰে ৰাস মহোৎসৱ সমিতিৰ সভাপতি মণিময় কৰে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে কাৰ্যকৰী সভাপতি লক্ষ্মী কাকতিয়ে, স্মৃতি তৰ্পন কৰে যুটীয়া সাধাৰণ সম্পাদকদ্বয় পংকজ দাস আৰু অৰূপ দাসে। ১১ বজাত পূজা অৰ্চনা অনুষ্ঠিত হয়। সন্ধিয়া ৮ বজাত বজাৰাপাৰাৰ পৰা ধৰ্মীয় পৰম্পৰাৰে শ্ৰীশ্ৰী বাসুদেৱ মন্দিৰ প্ৰাংগনৰ পৰা ভাগৱত লৈ সাংস্কৃতিক শোভাযাত্ৰা। ৭ বজাত ৰাস মহোৎসৱৰ দ্বাৰ মুকলি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্তই। মুকলি কৰি উপাচাৰ্য ড০ ননীগোপাল মহন্তই কয় যে, আজি পলাশবাৰী ৰাস মহোৎসৱৰ যি ধৰ্মীয় শোভাযাত্ৰা, এই শোভাযাত্ৰা কৰি ৰাস মহোৎসৱ উদ্ধোধন কৰিলো। ভগৱান শ্ৰীকৃষ্ণৰ যি ৰাসলীলাৰ আধ্যাত্মিক পৰিবেশ। এই আধ্যাত্মিক পৰিবেশৰ মাজত নিজকে বিলীন কৰি পলাশবাৰী ৰাইজে শ্ৰীকৃষ্ণৰ ৰাসলীলা আয়োজন কৰিছে তাক নমস্কাৰ জনাইছোঁ। মই আশা কৰো শ্ৰীকৃষ্ণৰ ৰাসলীলা চিন্তাধাৰা বাসুদেৱ ধৰ্মৰ লগত ৰজিতা খুৱাই আমাৰ সমাজখনৰ আগুৱাই লৈ যাব। আমাৰ বাসুদেৱ ধৰ্মৰ যি তাৎপৰ্য অৱগাহন কৰি সকলোৰে জীৱন আগবাঢ়ি যাবলৈ আহ্বান জনায়। লগতে শ্ৰীকৃষ্ণৰ যি ৰাসলীলা এই ৰাসলীলাৰ বহু তাৎপৰ্য আছে। প্ৰভু ৰামচন্দ্ৰ আধ্যাত্মিক ব্যাখ্যা কৰি ভগৱান্ত হৈছে পৰামাত্মা ৰূপ। ৰাসলীলা যি তাৎপৰ্য অকল গোপীসকল নহয়। শ্ৰীকৃষ্ণ হৈছে পৰম ব্ৰহ্মপুৰুষ। পৰম ব্ৰহ্ম হৈছে বিশ্বৰ স্বৰূপ। গোপীসকলৰ যি ভক্তি এই ভক্তিক কোনোৱে তুলনা কৰিব নোৱাৰে। কৃষ্ণ ভক্তি হৈছে এই ৰাসলীলা বুলি বহু তত্বগধুৰ আগবঢ়ায়। ইয়াৰ পিছতে ৰাস মহোৎসৱৰ সভাপতি মণিময় কৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত বন্তি প্ৰজ্বলন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। স্মৃতিগ্ৰন্থ “ৰাসক্ৰীয়া” গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধীয়ে। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক চৰ্জুন হাঞ্চে, পলাশবাৰী পৌৰসভাৰ পৌৰপতি ৰীনা দাস কলিতা উপস্থিত থাকে। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক, পৰিচালক, অভিনেতা বিনোদ শৰ্মা, অনাতাঁৰ শিল্পী বিমলা কাকতি ভূঞাক শিল্পী সম্বৰ্ধনা জনোৱা হয়। আনহাতে কালিৰে প্ৰত্যেক দিনাই সাংস্কৃতিক মঞ্চ মুকলি, বন্তি প্ৰজ্বলন, ধৰ্মালোচনী সভা, শিশু কৃষ্ণ, কৃষ্ণ যুগল ৰূপ প্ৰতিযোগিতা, শ্ৰীকৃষ্ণৰ ভক্তি গীতৰ আধাৰত দলীয় নৃত্য, প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ’ব। ২৯ নৱেম্বৰ তথা সামৰণি সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠানত মুখ্য সমাপক হিচাপে উপস্থিত থাকিব কেবিনেট, নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগ, অসমৰ মন্ত্ৰী অশোক সিংহল, বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, মুখ্যমন্ত্ৰী বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, বিশিষ্ট সমাজকৰ্মী অনুপ কুমাৰ মেধি, হিমাংশু শেখৰ বৈশ্য, অসম প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত উপস্থিত থাকিব। প্ৰায় ১ কোটি টকা ব্যয় সাপক্ষে আয়োজন কৰা ৰাস মহোৎসৱত প্ৰতিদিনে লক্ষধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হ’ব বুলি আশা প্ৰকাশ কৰি উদ্যোক্তাসকলে। ৰাস মহোৎসৱৰ আটাইকেদিনৰ সমূহ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ সহায়-সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।আনহাতে মিৰ্জা আঞ্চলিক ৰাসক্ৰীড়া উৎসৱটি ১৫ নবেম্বৰৰ পৰা এঘাৰদিনীয়াকৈ মিৰ্জাৰ দুৰ্গা পূজা মণ্ডপত অনুষ্ঠিত কৰা হয়। এই উপলক্ষে মামণি ৰয়ছম গোস্বামী চ’কৰ পৰা এটি শোভাযাত্ৰা উলিওৱা হয়। পিচত এই ৰাসক্ৰীড়া উৎসৱ মুকলি কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। এই ৰাস উৎসৱ মুকলি কৰাৰ পিচত এই উৎসৱৰ সভাপতি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ পৌৰোহিত্যত অনুস্থিত সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভাষণ প্ৰদান কৰি ৰাস মানেই ভক্তিৰ এক উৎসৱ বুলি উল্লেখ কৰে। তেওঁ এই ৰাস জড়িয়তেই ৰাইজৰ মংগল কামনা কৰে। এই ৰাস উৎসৱৰ মুকলি সভাত লগতে সাংসদ বিজুলি কলিতা মেধি, নয়ন মহন্ত,দিলীপ গোস্বামীকে ধৰি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে।