৭৪সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপত অসমৰ শিৱাংগীৰ স্বৰ্ণ জয়

Pc- The sentinel Assam

৭৪সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপত অসমৰ শিৱাংগীৰ স্বৰ্ণ জয়

ৰঙিলী বাৰ্ত্তাসেৱা- বাংগালুৰুত চলি থকা ৭৪সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপত অসমৰ সাঁতোৰবিদ শিৱাংগী শৰ্মাই ৪০০ মিটাৰ ফ্ৰীষ্টাইল ইভেণ্টত সোণৰ পদক অৰ্জনৰ পিছত  প্ৰতিযোগিতাখনৰ ১০০ মিটাৰ ফ্রী ষ্টাইলতো স্বর্ণ পদক অর্জন কৰিবলৈ সক্ষম হৈছে। ৫৯.০৭ ছেকেণ্ডেৰে তেওঁ প্রথম স্থান অধিকাৰ কৰে। শিৱাংগী শৰ্মাই ফাইনেলত ভাৰতৰ শিৱানী কাটাৰিয়াৰ দৰে অলিম্পিয়ান সাঁতোৰবিদক পৰাস্ত কৰি স্বর্ণপদক লাভ কৰিবলৈ সক্ষম হয়।