৭০% খোৱাপানীৰ সমস্যা নাইকীয়া হ’ব গুৱাহাটীত

৭০% খোৱাপানীৰ সমস্যা নাইকীয়া হ’ব গুৱাহাটীত

ৰঙিলী বাৰ্ত্তাসেৱা-গুৱাহাটীত অহা ৩ মাহৰ ভিতৰত ১০ হাজাৰ লোকে লাভ কৰিব খোৱাপানী ৷ ৭-৮ মাহৰ ভিতৰত ৭০ শতাংশ খোৱাপানীৰ সমস্যা নাইকীয়া হ’ব গুৱাহাটীত ৷ গুৱাহাটীৰ পাহাৰত বসবাস কৰা কোনো খিলঞ্জীয়া লোকক উচ্ছেদ কৰা নহয় ৷ এই মন্তব্য জলসম্পদ তথা তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ুয হাজৰিকাৰ ৷ শুকুৰবাৰে মহানগৰীৰ খানাপাৰা খেলপথাৰত অনুষ্ঠিত হোৱা ক্ষুদ্ৰ বিত্ত আৰু উদগণি সকাহ আঁচনিৰ অধীনত মাইক্ৰ’ফাইনেন্স ঋণ ৰেহাই অনুষ্ঠানত এই মন্তব্য কৰে মন্ত্ৰী পীয়ুয হাজৰিকাই ৷ তেওঁ পুনৰ কয় দেশৰ ৫খন ৰাজ্যৰ তালিকাত অসম নাম ৰখাৰ লক্ষ্য ৷ বৰ্তমান অসম দেশৰ তলৰ পৰা ৬ নম্বৰ স্থানত ৷ অসমৰ মহিলাক শক্তিশালী, স্বাৱলম্বী কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ বিজেপি চৰকাৰ ৷ অসমৰ পৰা নাইকীয়া হ’বই লাগিব দুখীয়া শব্দটো। এই লক্ষ্য আগত ৰাখিয়েই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ চৰকাৰখনে ঐক্যবদ্ধভাৱে কাম কৰি গৈছে। মহিলাসকলৰ সন্মান বৃদ্ধি কৰিবলৈ আৰু তেওঁলোকক স্বাৱলম্বী কৰি তুলিবলৈ ‘অৰুণোদয়’ৰ দৰে আঁচনি গ্ৰহণ কৰিছে। নিৰ্বাচনৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি মাইক্ৰ’ফাইনেন্সৰ ঋণ সকাহ কৰিছে৷ প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ পৰ্যায়ত কেবাখনো জিলাত ‘মাইক্ৰ’ফাইনেন্স উদগণি আৰু সকাহ আঁচনি’ৰ অধীনত ঋণ সকাহৰ চেক বিতৰণৰ পাছত আজি কামৰূপ মহানগৰ জিলাৰ ঋণ লওঁতাসকলৰ ঋণ সকাহৰ উদ্দেশ্য খানাপাৰাত আয়োজিত এখন বিশাল জনসভাত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে অন্যান্য বিষয়ৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেশৰ পাঁচখন শীৰ্ষৰ ৰাজ্যৰ ভিতৰত অসমক স্থান দিবলৈ গ্ৰহণ কৰা বিভিন্ন আঁচনি তথা কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে। বিভিন্ন জিলাত স্থাপন কৰা নতুন নতুন চিকিৎসা মহাবিদ্যালয়, গুৱাহাটীৰ বিভিন্ন স্থানত উৰণ সেতু নিৰ্মাণ আদিৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ তথা সৰ্বসাধাৰণৰ কল্যাণৰ কথা চিন্তা কৰিয়েই ‘অৰুণোদয়’ আঁচনিৰ টকা বৃদ্ধি কৰিছে আৰু অহা আঢ়ৈ বছৰৰ ভিতৰত ই হয়তু তিনিহাজাৰ টকা চুবগৈ। কেন্দ্ৰীয় চৰকাৰৰ সাহায্য অসমত ৭০ শতাংশ বানপানী নিয়ন্ত্ৰণ কৰা সম্ভৱ হৈছে বুলি তেওঁ লগতে ভাষণত উল্লেখ কৰে। সভাত ভাষণ প্ৰদান কৰি কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা পৰিবহন উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘বেটি বচাও, বেটি পঢ়াও’ আদি আঁচনিৰ জৰিয়তে দেশৰ মহিলাসকলৰ সৰ্বস্তৰৰ কল্যাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। মহিলাসকলৰ উন্নয়নৰ জৰিয়তেহে সমাজৰ প্ৰকৃত উন্নয়ন সাধন সম্ভৱ বুলি উল্লেখ কৰি তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ’ফাইনেন্সৰ ঋণ সকাহৰ জৰিয়তে মহিলাসকলক আৰ্থিকভাৱে সৱল কৰি তোলাৰ প্ৰচেষ্টা কৰিছে বুলি উল্লেখ কৰে।তেওঁ পুনৰ কয় অসমৰ খেতিয়কে ধানৰ উচিত দাম পাইছে ৷ অসম চৰকাৰে ২০ টা গুদাম নিৰ্মাণৰ কাম হাতত লৈছে৷কৃষি বিপ্লৱৰ দিশে অসম আগবাঢ়িছে ৷ সাংস্কৃতিক কৰ্মী ইন্দ্ৰজিৎ দাসে আঁত ধৰা সভাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে আদৰণি ভাষণ আগবঢ়ায়৷ এই বিশাল জনসভাত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ পৰিচালন সঞ্চালক ৰূপালী কলিতাৰ উপৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সকলো বিষয়-ববীয়া উপস্থিত থাকে। উল্লেখযোগ্য যে ‘অসম মাইক্ৰ’ফাইনেন্স উদ্গণি আৰু সকাহ আঁচনি, ২০২১’ আঁচনিৰ জৰিয়তে মাইক্ৰ’ফাইনেন্সৰ ঋণ লওঁতাসকলক তিনিটা শ্ৰেণীত বিভক্ত কৰা হৈছে। যিসকল ঋণ লওঁতাই ঋণ নিয়মীতভাৱে পৰিশোধ কৰিছিল তেওঁলোকক উদ্গণি দিবলৈ চৰকাৰে প্ৰথম পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰায় ২৬ লাখ ঋণ লওঁতাৰ ভিতৰত প্ৰায় ৯ লাখ হিতাধিকাৰী কেটেগৰী -১ৰ ভিতৰত আছে আৰু কামৰূপ মহানগৰ জিলাখনৰ ৩৬,৯৮৩ গৰাকী হিতাধিকাৰী কেটেগৰী-১ ত আছে। এই অনুষ্ঠানত ২০ গৰাকী মহিলাক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পীয়ুয হাজৰিকাই আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰাৰ পাছত জিলাখনৰ মুঠ ৫,০০০ হিতাধিকাৰীক  এই আঁচনিৰ অধীনত চেক প্ৰদান কৰা হয় আৰু বাকীসকলক ব্লক আৰু ৱাৰ্ড পৰ্যায়ত নিৰ্ধাৰিত টকাৰ চেক বিতৰণ কৰা হ’ব।