৬ মে’ত চিত্ৰগৃহত মুক্তি পাব ‘গংগা’

pc dornitir Darpan

৬ মে’ত চিত্ৰগৃহত মুক্তি পাব ‘গংগা’

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ৬ মে’ত সমগ্ৰ চিত্ৰগৃহত মুক্তি পাব গৌৰী ফিল্মছৰ বেনাৰত নিৰ্মিত অসমীয়া ছবি ‘গংগা’- এখনি বোৱতী হিয়া’ই । ইতিমধ্যে উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ইয়াৰ লগত সংগতি ৰাখি আজি দিনৰ ১১ বজাৰ পৰা মহানগৰীৰ বুকুত এক বৰ্ণিল শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে এটাই মাথোঁ শ্লোগান দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম। গুৱাহাটীৰ চানমাৰি ফিল্ডৰ পৰা গুৱাহাটী ক্লাব, জি এছ ৰোড হৈ জ্যোতি চিত্ৰবনত সামৰণি মৰা শোভাযাত্ৰাত চিত্ৰনাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য, জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, সংগীত পৰিচালক অজয় ফুকন, অভিনেতা অৰূপ বৈশ্য, ৰাগ ঐনিতম, সঞ্জীৱ শৰ্মা, যোগেশ কাশ্যপৰ লগতে শিশুশিল্পী সৃষ্টি ৰয় আৰু অভিলাষা ডেকা সহ এটি বিহু হুঁচৰি দলে অংশগ্ৰহণ কৰে৷