৬ ফেব্রুৱাৰীত দৰং জিলাত ৪০২ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন

৬ ফেব্রুৱাৰীত দৰং জিলাত ৪০২ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- ‘গুণোৎসৱ ২০২৪’ত দৰং জিলাত কালিৰ দিনটোত মুঠ ৪০২খন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন কৰা হয়। ইয়াৰে দলগাঁও খণ্ডৰ বিদ্যালয় হৈছে ১৬৪, কলাইগাঁৱৰ ১০৮ খন আৰু ছিপাঝাৰ খণ্ডৰ ১৩০খন।এই ৪০২ খন বিদ্যালয়ৰ মুঠ ৪২৫৬৭ গৰাকী ছাত্ৰ-ছাত্ৰীক মূল্যায়ন কৰা হয়। ইয়াৰ ভিতৰত দলগাঁও খণ্ডৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ২৩৯৫৩ গৰাকী, কলাইগাঁও খণ্ডৰ ৮৯৫১ গৰাকী আৰু ছিপাঝাৰ খণ্ডৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ৯৬৬৩ গৰাকী। সমগ্ৰ শিক্ষা অভিযানৰ সঞ্চালক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ডা: ওম প্ৰকাশ, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ঘনশ্যাম দাস, অসম অসামৰিক সেৱাৰ বিষয়া মানস নাথ আৰু দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে গুনোৎসৱত অংশ লৈ জিলাখনৰ বিভিন্ন বিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক তথা গুনগত উৎকৰ্ষতাৰ বুজ লয়। উল্লেখ্য যে দৰং জিলাত গুণোৎসৱ, ২০২৪ ত মুঠ ১১৫৩খন বিদ্যালয়ৰ মুঠ ১২৯৬৫৭ ছাত্র-ছাত্ৰীক মূল্যায়নৰ বাবে সামৰি লোৱা হৈছে। দৰং জিলাত গুণোৎসৱ ২০২৪ত অহা ৮ ফেব্ৰুৱাৰীলৈকে মুঠ ৫৪৫ গৰাকী বৰ্হি:মূল্যায়কে ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যায়ন কৰিব। অহা ৮ ফেব্রুৱাৰীত জিলাখনত গুণোৎসৱৰ সামৰণি পৰিব।