৬ জনগোষ্ঠীয় যৌথ মঞ্চৰ অসম বন্ধ গোলাঘাটত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

৬ জনগোষ্ঠীয় যৌথ মঞ্চৰ অসম বন্ধ গোলাঘাটত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় চৰকাৰে ছয় জনগোষ্ঠীক জনজাতি কৰণৰ নামত প্ৰতাৰণা কৰাৰ বিৰুদ্ধে ১৫ নৱেম্বৰ অৰ্থাৎ যোৱা কালি ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ঘোষণা কৰা অসম বন্ধৰ প্ৰভাৱ গোলাঘাটতো পৰা দেখা গৈছে। গোলাঘাটত যাত্ৰীবাহী  যান-বাহন, দোকান-পোহাৰ সম্পূৰ্ণ বন্ধ হোৱা দেখা গৈছে। ঘোলাঘাটৰ কোনো কোনো স্থানত প্ৰতিবাদকাৰীয়ে পথৰ ওপৰত টায়াৰ জ্বলায় প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাটত টাউনত থকা ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাৰ কাম-কাজ অৰ্থাৎ গ্ৰাহকৰ লেনা-দেনাও বন্ধ হৈছে। ৬ জনগোষ্ঠীয় যৌথ মঞ্চই ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতি কৰণ কৰিবৰ বাবে দাবী জনাইছে।