৬ আগষ্টত সুৰজিৎ একাডেমীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত “ডেকাগিৰি” নাট

Pc-Shutterstock

৬ আগষ্টত সুৰজিৎ একাডেমীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত “ডেকাগিৰি” নাট

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ মানদণ্ডৰ সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰ সুৰজিৎ একাডেমীয়ে অসমৰ সাংস্কৃতিক জগতলৈ যথেষ্ট অৰিহণা যোগাই আহিছে। যোৱা ২৫ বছৰ ধৰি একাডেমীয়ে অভিনয় আৰু পুতলা নাচৰ দুবছৰীয়া ডিপ্লমা পাঠ্যক্ৰম চলাই আছে । দুবছৰীয়া পাঠ্যক্ৰমৰ নিয়ম অনুসৰি শিক্ষাৰ্থী সকলৰ জৰিয়তে পৰীক্ষামূলক এখনি নাট পৰিৱেশন কৰা হয়। সেই হেতুকে অহা ৬ আগষ্টত সন্ধিয়া ৫:৩০ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত শঙ্কৰদেৱৰ শিশু কালৰ আধাৰত ৰচিত “ডেকাগিৰি” নাট খন পৰিৱেশিত হ’ব। নাট খনৰ ৰচনা আৰু পৰিচালনা কৰিছে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যাপক তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা ছিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাই। সংগীত পৰিচালনা মাজুলীৰ সত্ৰীয়া সাধক হলিৰাম বৰা বৰবায়ণৰ আৰু নাট খনৰ কলা নিৰ্দেশক হিচাপে থাকিব ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱী। নাট কাৰ্যক্ৰমত মুখ্য অতিথি তথা উদ্ধোধন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক তথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ বিত্ত আৰু পৰিকল্পনাৰ সঞ্চালক শ্ৰীবাবুল বৰা বাপ আৰু বিশিষ্ট অতিথি হিচাপে থাকিব কেশৱ চন্দ্ৰ দাস বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৃষীকেশ বৰুৱা ।