৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ পঞ্চদশ অসম বিধান সভাৰ ২০২৪ চনৰ বাজেট অধিবেশন

৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ পঞ্চদশ অসম বিধান সভাৰ ২০২৪ চনৰ বাজেট অধিবেশন

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  পঞ্চদশ অসম বিধান সভাৰ ২০২৪ চনৰ বাজেট আধিবেশনখন অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব। অসম বিধান সভা সচিবালয়ে জনোৱা কাৰ্যসূচী অনুসৰি ৫ ফেব্ৰুৱাৰী সোমবাৰে প্ৰথম দিনৰ কাৰ্যসূচীত আছে ভাৰতীয় সংবিধানৰ ১৭৬ (১) অনুচ্ছেদৰ অধীনত ৰাজ্যপালৰ ভাষণ, মৃত্যু প্ৰসঙ্গ, ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ, অধ্যক্ষই অসম বিধান সভাৰ ২০২৪ চনৰ বাজেট অধিবেশনৰ কাৰ্যসূচী স্থিৰ কৰি অসম বিধান সভাৰ কাৰ্য উপদেষ্ঠা সমিতিৰ প্ৰতিবেদন ঘোষণা, অধ্যাদেশ দাখিল, প্ৰতিবেদন নিয়মাৱলী দাখিল, বিধান সভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদন উপস্থাপন, চৰকাৰৰ বিভিন্ন সমিতি পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্ৰস্তাৱ, চৰকাৰী বিধেয়ক উপস্থাপন আৰু ২০২৩-২৪ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ তালিকা উপস্থাপন। ৬ আৰু ৭ ফেব্ৰুৱাৰীত প্ৰশ্নসমূহৰ লগতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ সম্পৰ্কত আলোচনা৮ ফেব্ৰুৱাৰীত আছে প্ৰশ্নসমূহ, ২০২৩-২৪ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবীসমূহৰ ওপৰত ভোটদান, ২০২৪ চনৰ অসম বিনিয়োজন (নং) বিধেয়কখন উপস্থাপন, বিবেচনা আৰু পাৰিতকৰণ। একেদৰে ৯ ফেব্ৰুৱাৰীত প্ৰশ্নসমূহ আৰু চৰকাৰী বিধেয়ক উত্থাপন। ১০ ফেব্ৰুৱাৰী, শনিবাৰ আৰু ১১ ফেব্ৰুৱাৰী ৰবিবাৰে বন্ধ। ১২ ফেব্ৰুৱাৰী, সোমবাৰে প্ৰশ্নসমূহ আৰু অসম চৰকাৰৰ ২০২৪-২০২৫ বছৰটোৰ বাবে বাৰ্ষিক বিত্তীয় প্ৰ-বিৱৰণি (প্ৰাককলিত বাজেট) উত্থাপন। ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত বাজেটৰ ওপৰত সাধাৰণ আলোচনা। ১৫ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰৰ পৰা ২০ ফেব্ৰুৱাৰী মঙ্গলবাৰলৈ বিভাগীয়ভাৱে সম্পৰ্কিত স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে জিৰণি। ২১ ফেব্ৰুৱাৰীত পুনৰ প্ৰশ্নসমূহ আৰু বিভাগীয়ভাৱে সম্পৰ্কিত স্থায়ী সমিতিসমূহৰ প্ৰতিবেদন দাখিল তথা মঞ্জুৰীৰ বাবে ভোটদান। ২২ ফেব্ৰুৱাৰীত প্ৰশ্নসমূহ, মঞ্জুৰীৰ বাবে দাবীসমূহৰ ওপৰত ভোটদান আৰু ২০২৪ চনৰ অসম বিনিয়োজন (নং) বিধেয়কখন উপস্থাপন, বিবেচনা আৰু পাৰিতকৰণ ২৩ ফেব্ৰুৱাৰীত  বে-চৰকাৰী সদস্যৰ কাৰ্যসূচী। ২৪ আৰু ২৫ ফেব্ৰুৱাৰী ক্ৰমে শনিবাৰ আৰু ৰবিবাৰে বন্ধ। পুনৰ ২৬ ফেব্ৰুৱাৰী সোমবাৰে চৰকাৰী কাৰ্যসূচী অনুসৰি প্ৰশ্নসমূহ আৰু চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ। ২৭ ফেব্ৰুৱাৰীত বে-চৰকাৰী সদস্যৰ কাৰ্যসূচীত প্ৰশ্নসমূহ আৰু সদস্যৰ সময়, বিধেয়ক, বিশেষ প্ৰস্তাৱ, সংকল্প প্ৰস্তাৱ ইত্যাদি। ২৮ ফেব্ৰুৱাৰী বুধবাৰে অন্তিম দিনৰ কাৰ্যসূচীত আছে প্ৰশ্নসমূহ, চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ, অসমাপ্ত চৰকাৰী কাৰ্যসূচীসমূহ আৰু অনিৰ্দিষ্ট কালৰ বাবে সদন স্থগন