৫০ বছৰৰ বাবে গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰটো আদানি গ্রুপলৈ হস্তান্তৰ

pc The Sentinel Assam

৫০ বছৰৰ বাবে গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰটো আদানি গ্রুপলৈ হস্তান্তৰ

ৰঙিলী বাৰ্ত্তাসেৱা – গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰটো আনুষ্ঠানিকভাবে আদানি গ্রুপলৈ হস্তান্তৰকৰণ সম্পন্ন হয়। আদানি গ্ৰুপৰ অন্তৰ্গত ‘আদানি গুৱাহাটী ইণ্টাৰনেচনেল এয়াৰপ’ৰ্ট লিমিটেড’-এ ৫০ বছৰৰ বাবে বিমানবন্দৰটোৰ পৰিচালনা-ব্যৱস্থাপনা-উন্নয়নৰ দায়িত্ব লাভ কৰে। বিমানবন্দৰ সঞ্চালক ৰমেশ কুমাৰে নতুন সংস্থাটোৰ চীফ এয়াৰপ’ৰ্ট অফিচাৰ উৎপল বৰুৱাৰ হাতত প্রতীকী চাবি অৰ্পণ কৰে। ২০১৮ চনত কেন্দ্ৰীয় চৰকাৰে দেশৰ ৬টা বিমানবন্দৰ ৫০ বছৰৰ বাবে পৰিচালনা-ব্যৱস্থাপনা-উন্নয়নৰ দিশটো ব্যক্তিগতকৰণৰ সিদ্ধান্ত গ্রহণ কৰিছিল। এই ৬টা বিমানবন্দৰৰ তালিকাত আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰো। বাকী ৫টা বিমানবন্দৰ হ’ল আহমেদাবাদ, লক্ষ্ণৌ, মাংগালুৰ, জয়পুৰ আৰু থিৰুৱনন্তপুৰম। পৰৱৰ্তী সময়ত হোৱা নিবিদাত আদানি এণ্টাৰপ্ৰাইজ লিমিটেডে সফল বিডাৰ হিচাপে পৰিগণিত হয়। হস্তাত্তৰকৰণৰ সময়ত বিমানবন্দৰটোৰ বহুসংখ্যক বিষয়া-কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য উপস্থিত আছিল।