৪ জুন ২০২১ তাৰিখে The North Eastern Chapter of EIRC of ICSIই  প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সহযোগত অনলাইন পদ্ধতিৰ জৰিয়তে কেৰিয়াৰ সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে

৪ জুন ২০২১ তাৰিখে আইচিএছআইৰ ইআইআৰচিৰ উত্তৰ-পূব অধ্যায়ত(The North Eastern Chapter of EIRC of ICSI)ই  প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সহযোগত অনলাইন পদ্ধতিৰ জৰিয়তে কেৰিয়াৰ সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে

বাৰ্ত্তাসেৱা- অনলাইন এই কাৰ্যসূচীটো সন্ধিয়া ৬:০০ বজাৰ পৰা সন্ধিয়া ৭:৩০ বজালৈ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সহযোগত পৰিচালনা কৰা হৈছিল। মহাবিদ্যালয়খনৰ ১০০ তকৈও অধিক শিক্ষাৰ্থীয়ে কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিছিল। প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্তই মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত থাকে। আইচিএছআইৰ ইআইআৰচিৰ উপাধ্যক্ষ চি এছ বিমান দেৱনাথে তেওঁৰ ভাষণৰ দ্বাৰা কাৰ্যসূচীটো কঢ়িয়াই আনিছিল। প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ একাউণ্টেন্সি বিভাগৰ মুৰব্বী  অধ্যাপক শ্ৰীযুত উদ্দীপ্ত নয়ন মেধিয়ে সমন্বয়ক হিচাপে কাৰ্যসূচীটো তৈয়াৰ কৰিছিল। আইচিএছআইৰ ইআইআৰচিৰ এনই অধ্যায়ৰ সচিব চি এছ (CS)অংশুমান জৈনে  শিক্ষাৰ্থী সকলক Company Secretary বিষয় পঢ়িলে কেনেকৈ লাভান্বিত হৱ সেই বিষয়ে বিতং ভাবে কয় । চিএছ (CS)প্ৰতিকা নাথ কাৰ্যসূচীটোৰ মডাৰেটৰ আছিল। উত্তৰ-পূব অধ্যায়ৰ অধ্যক্ষ চি.এছ. কুশল ভাৰত বাগাদিয়াও ভাষণ আগবঢ়াই আৰু Company Secretary পাঠ্যক্ৰমৰ বিষয়ে শিক্ষাৰ্থী সকলক অৱগত কৰাই।