৩১ মে’ত বিশ্ব ধঁপাত নিষিদ্ধ দিৱস
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যিক ধঁপাত নিয়ন্ত্রণ কোষ, অসমৰ উদ্যোগত আৰু গুৱাহাটীৰ দিছপুৰ মহাবিদ্যালয়ৰ লগতে কামৰূপ (মহানগৰ) জিলা ধঁপাত নিয়ন্ত্রণ কোষৰ সহযোগত অহা ৩১ মে’, ২০২৩ তাৰিখে ‘বিশ্ব ধঁপাত নিষিদ্ধ দিৱস, ২০২৩’ উদ্যাপন কৰা হ’ব। এই উপলক্ষে পুৱা ৯ বজাত এক শোভাযাত্রা উলিওৱাৰ পিছতে পুৱা ১১ বজাৰ পৰা দিছপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সজাগতা সভা অনুষ্ঠিত হ’ব।