২-১৮ বছৰ বয়সৰ শিশুৰ বাবে কভাক্সিন ভেকচিনৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- চৰকাৰৰ ভেকছিন বিষয় বিশেষজ্ঞ সমিতিয়ে ভেকছিন নিৰ্মাতা ভাৰত বায়োটেকৰ কোভিড-১৯ ভেকচিন কভাক্সিনৰ বাবে ২ৰ পৰা ১৮ বছৰ বয়সৰ শিশুৰ বাবে জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন প্ৰদান কৰাৰ পৰামৰ্শ দিছে। এছ.ই.চি.-য়ে ভাৰতীয় ড্ৰাগছ কণ্ট্ৰোলাৰ জেনেৰেল অফ ইণ্ডিয়াই (ডিচিজিআই) চূড়ান্ত সিদ্ধান্ত ল’ব। শিশুসকলৰ বাবে অনুমোদিত এইটো দ্বিতীয় ভেকছিন। ইয়াৰ আগতে, জাইডাছ-কেডিলাই ১২ ৰ পৰা ১৮ বছৰৰ গোটৰ শিশুসকলৰ বাবে তেওঁলোকৰ জাইকভ-ডি কোভিড-১৯ ভেকছিন প্ৰদান কৰাৰ বাবে ই.ইউ.এ. প্ৰাপ্ত কৰিছিল। কভাক্সিন হৈছে ১২ বছৰৰ তলৰ শিশুৰ বাবে দেশৰ প্ৰথম ভেকছিন। হায়দৰাবাদস্থিত ভেকছিন নিৰ্মাতাই যোৱা সপ্তাহত শিশুৰ ওপৰত দ্বিতীয় আৰু তৃতীয় নিদানিক পৰীক্ষণৰ তথ্য ডিচিজিআইলৈ দাখিল কৰিছিল।