২৭ আগষ্টৰ পৰা ১১ ছেপ্টেম্বৰলৈ শ্ৰীলংকাৰ পৰিৱৰ্তে ইউ.এ.ই.ত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২২
ৰঙিলী বাৰ্ত্তাসেৱা- এছিয়ান ক্ৰিকেট পৰিষদে নিশ্চিত কৰিছে যে শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ বাবে এই বছৰৰ এছিয়া কাপ শ্ৰীলংকাৰ পৰিৱৰ্তে ইউএইত অনুষ্ঠিত হ’ব। অৱশ্যে, আতিথ্যৰ অধিকাৰ শ্ৰীলংকাৰ সৈতে থাকিব। প্ৰতিযোগিতাখন ২৭ আগষ্টৰ পৰা ১১ ছেপ্টেম্বৰলৈ টি-২০ ফৰ্মেটত খেলা হ’ব।