২৬ হাজাৰ চৰকাৰী চাকৰিৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষাক লৈ জাৰি কৰিছে এছ অ’ পি

Pc Economic Times

২৬ হাজাৰ চৰকাৰী চাকৰিৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষাক লৈ জাৰি কৰিছে এছ অ’ পি

ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ২১,২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত প্ৰায় ৩০ হাজাৰ পদৰ বাবে অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা।প্ৰায় ১৪ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’বলগীয়া নিযুক্তি পৰীক্ষা প্ৰসংগত সকলো জিলা উপায়ুক্ত আৰু অন্যান্য বিষয়ববীয়াৰ সৈতে এক ভিডিঅ’ কনফাৰেঞ্চযোগে মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।পৰীক্ষা প্ৰক্ৰিয়াটো স্বচ্ছ, বিশ্বাসযোগ্য আৰু নিয়াৰিকৈ চলোৱাৰ বাবে নিৰ্ধাৰিত নিয়মাৱলী সম্পৰ্কে উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে। ৱাটছআপত প্ৰশ্নকাকত লিক নহ’বলৈ দুঘণ্টাৰ বাবে কঠোৰ হ’ব চৰকাৰ। ২১ আৰু ২৮ আগষ্টত পৰীক্ষা হোৱা সকলো জিলাত কৰ্তন কৰা হ’ব ইন্টাৰনেট সেৱা। পৰীক্ষাৰ সময়ত সম্পূৰ্ণৰূপে বন্ধ থাকিব ইণ্টাৰনেট সেৱা। কোনো পৰীক্ষাৰ্থীয়ে নিব নোৱাৰিব মোবাইল ফোন। বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সকলো সুবিধা থাকিব, সকলো গেজেটেড অফিচাৰক নিয়োগ কৰা হ’ব, প্ৰতিটো পৰীক্ষা কেন্দ্ৰত থাকিব শীৰ্ষ আৰক্ষী বিষয়া, কিবা খেলিমেলি হ’লে দায়বদ্ধ হ’ব জিলাৰ উপায়ুক্ত।পৰীক্ষাস্থলী আৰু ইয়াৰ আশে-পাশে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ’ব।