২৬ জানুৱাৰী, গণতন্ত্র দিৱস – ইকবাল হুছেইন

২৬ জানুৱাৰী, গণতন্ত্র দিৱস

ইকবাল হুছেইন
মৈৰাবাৰী

২৬ জানুৱাৰীৰ দিনটোত গোটেই দেশজুৰি উদযাপিত হয় গণৰাজ্য দিৱস। এইবেলিও সমগ্ৰ ৰাষ্ট্ৰই পালন কৰিব ৭৫ তম গণতন্ত্ৰ দিৱস। এই দিৱসটিক সংবিধান দিৱস বুলি কলেও ভুল কোৱা নহব, কাৰণ ১৯৫০ চনৰ ২৬ জানুৱাৰীত স্বাধীন ভাৰতৰ পৱিত্ৰ সংবিধানখন কাৰ্যকৰী কৰা হয়। ১৯৩৫ চনৰ ব্ৰিটিছ আইনৰ পৰিবৰ্তে ভাৰতীয় সংবিধান কার্যকৰী হোৱাৰ ঘটনাৰ স্মৰণত এই দিৱসটি পালন কৰা হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় গণ পৰিষদত দেশৰ পৱিত্ৰ সংবিধানখন গৃহীত হোৱাৰ লগে লগে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ পৰিণত হয়। ভাৰতৰ সম্পূৰ্ণ নাম হৈছে ‘সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ’। এই দেশৰ পৱিত্ৰ সংবিধানখন, ‘বিশ্বৰ সৰ্ববৃহৎ সংবিধান হিচাপে জনাজাত’৷ সংবিধানৰ আওতাত থকা প্ৰতিজন ভাৰতীয়ৰ দ্বাৰা পৰিচালিত হয় আমাৰ প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰখন। পৱিত্ৰ সংবিধানখনে প্ৰতিজন ভাৰতীয়ৰ স্বাধীনতাৰ বাট মুকলি কৰে, এই সংবিধানে নাগৰিকক জীয়াই থকাৰ প্ৰেৰণা দিয়াৰ লগতে আমাৰ সমাজ ব্যৱস্থাত প্ৰচলিত নানা কু-সংস্কাৰৰ পৰাওঁ মুক্তি দিয়ে৷ জাতীয় সংবিধানখন ভাৰতীয় সাধাৰণন্ত্ৰৰ সৰ্বোচ্চ বিধি-বিধান বা আইন। ড০ ভীমৰাও আম্বেদকাৰৰ অধ্যক্ষতাত গঠিত ভাৰতীয় সংবিধান সভাৰ খচৰা প্ৰস্তুত সমিতিয়ে ৰচনা কৰা দেশৰ এই পৱিত্ৰ সংবিধানখনত চৰকাৰ গঠন প্ৰণালী, কাৰ্য পক্ৰিয়া, শাসন-ক্ষমতা, কৰ্তব্য বিন্যাস, নাগৰিকৰ কৰণীয়, নাগৰিকৰ মৌলিক অধিকাৰ, বাক স্বাধীনতাকে ধৰি ৰাষ্ট্ৰপৰিচালনা সমন্ধীয় যাৱতীয় নীতি-নিৰ্দেশনা সংজ্ঞাৰ্থ কৰা হৈছে। তদুপৰি দেশৰ বনিয়াদী ৰাজনৈতিক মুদ্ৰাক্ষৰ বহিৰবয়ব আজ্ঞাপিত কৰা হৈছে। দেশৰ পৱিত্ৰ সংবিধানখননে ভাৰতীয় নাগৰিক সকলৰ বাবে ন্যায়, সমতা আৰু স্বাধীনতা প্রভুত্বব্যঁজক কৰা হৈছে, তাৰোপৰি জাতীয় সমন্বয় তথা দৃঢ়ীভবন ৰক্ষাৰ বাবে সৰ্বস্তৰৰ নাগৰিকসকলৰ মাজত ভাতৃত্বভাৱ জগাই তোলাৰ বাবে উদ্বুদ্ধ কৰা হৈছে। কিন্তু পৰিতাপৰ বিষয়, আজি একাংশ বিভেদকামী শক্তিয়ে দেশৰ এই মহান আৰু পৱিত্ৰ সংবিধানৰ প্রতি ভাবুকি নমাই অনা পৰিলক্ষিত হৈছে। সংবিধানৰ পৰিপন্থী বিভিন্ন কৰ্মকাণ্ডৰ দ্বাৰা প্ৰজাতন্ত্ৰকেই অৰ্থহীন কৰা দেখা গৈছে। বিভিন্ন জাতি-ধৰ্মাৱলম্বী লোকৰ বলিদানৰ বিনিময়ত স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষত আজি ধৰ্ম, জাত-পাতলৈ বিভাজনৰ কুটিল ষড়যন্ত্র ৰচনা কৰা হৈছে। স্বাধীনতাৰ অভীষ্টক উপেক্ষা কৰি একাংশই সস্তীয়া জনপ্ৰিয়তা, ব্যক্তিস্বাৰ্থ আৰু ৰাজনৈতিক লাভালাভৰ বাবেই ধৰ্মীয় মেৰুকৰণৰ দ্বাৰা আমাৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ সমাজ তথা ৰাষ্ট্ৰত বিভাজন আনিবলৈ নিৰন্তৰ চেষ্টা কৰি থকা দেখা গৈছে। তদুপৰি এশএবুৰি সমস্যাৰে জৰ্জৰিত স্বাধীন ভাৰতবৰ্ষৰ একতা, শান্তি, উন্নতি, অগ্ৰগতি আৰু নাগৰিকৰ মৌলিক চাহিদা আদি পূৰণৰ পৰিবৰ্তে যুগ যুগ ধৰি সমিলমিলৰে বসবাস কৰি অহা হিন্দু-মুছলমানৰ মাজত অবিশ্বাস, ঘৃণা তথা বিদ্বেষৰ বিষবাষ্প বিয়পাই দিয়াৰ সমান্তৰালকৈ দুটা ধৰ্মাৱলম্বী লোকৰ মাজত দূৰত্ব বৃদ্ধিত সাৰ-পানী যোগাই আছে এচাম সাম্প্ৰদায়িক শক্তিয়ে। যিটো দেশ তথা জাতিৰ বাবে অশনি সংকেত। গতিকে জাতি, ধৰ্ম, ভাষা, গোষ্ঠী নিৰ্বিশেষে দেশৰ প্ৰতিজন নাগৰিকেই ২৬ জানুৱাৰীৰ দিনটোতে পৱিত্ৰ সংবিধানখনৰ মহৎ লক্ষ্য, উদেশ্য আৰু স্বাধীনতাৰ স্বাৰ্থকতাক বাস্তবায়িত কৰিবলৈ দৃঢ় সংকল্প লোৱা উচিত। শেষত প্ৰতিজন দেশবাসীলৈ পৱিত্ৰ গণৰাজ্য দিৱসৰ অনেক অনেক প্ৰীতি আৰু আন্তৰিক শুভকামনা জনালো।