২৫ মাৰ্চত শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেৰ উত্তৰ প্ৰদেশ বিধান পৰিষদৰ পৰা পদত্যাগ পত্ৰ প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গোৰখপুৰ নগৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ কেইদিনমান পিছত উত্তৰ প্ৰদেশ বিধান পৰিষদৰ পৰা পদত্যাগ পত্ৰ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী যোগী ২০১৭ চনত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতে উত্তৰ প্ৰদেশ বিধান পৰিষদলৈ নিৰ্বাচিত হৈছিল। ৪৯ বছৰীয়া ৰাজনীতিবিদজনে ২৫ মাৰ্চত অনুষ্ঠিত হ’ব লগা অনুষ্ঠানৰ সময়ত পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আছে।