২১ সংখ্যক হৰিশিঙা গ’ল্ড কাব ফুটবল চেম্পিয়শ্বিপৰ চূড়ান্ত খেলত বিজয়ী বঙাইগাঁ‌ও ইলে’ভেন ষ্টাৰ

২১ সংখ্যক হৰিশিঙা গ’ল্ড কাব ফুটবল চেম্পিয়শ্বিপৰ চূড়ান্ত খেলত বিজয়ী বঙাইগাঁ‌ও ইলে’ভেন ষ্টাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ওদালগুৰি জিলা হৰিশিঙা আঞ্চলিক এবছুৰ উদ্যোগত আৰু হৰিশিঙা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত কৰা ২১সংখ্যক সৰ্বভাৰতীয় জুওহালো বালিৰাম বড়ো গ’ল্ড কাব ফুটবল চেম্পিয়নশ্বিপৰ চূড়ান্ত খেল ৪ নৱেম্বৰ তাৰিখে ৰবি কছাৰী মিনি ষ্টেডিয়ামত অনুষ্ঠিত হয় । উল্লেখ্য যে বিগত ২০ বছৰে ওদালগুৰি জিলা হৰিশিঙা এবছুৰ উদ্যোগত স্বৰ্গীয় জুওহালু বালিৰাম বড়োৰ স্মৃতি সোৱৰণিত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে পৰিপেক্ষিতত এইবেলিও হৰিশিঙা এবছুৰ উদ্যোগত আৰু আৰু স্থানীয় ক্ৰীড়া সন্থাৰ সহযোগত ২১ তম সৰ্বভাৰতীয় গ’ল্ড কাব ফুটবল চেম্পিয়নশ্বিপ “২৮ অক্টোবৰৰ পৰা ৪ নবেম্বৰলৈ ৮ দিনিয়া কাৰ্যসূচীৰে ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে পৰিপেক্ষিতত আজি চূড়ান্ত খেল অনুষ্ঠিত হয়! আৰু উক্ত চূড়ান্ত খেলখন শুভ উদ্ধোধন কৰে বিটিআৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে। আনহাতে শান্তিৰ প্ৰত্যিক কপৌ চৰাই আৰু বিলুণ উৰুৱাই বিটিআৰ উপ মুখ্য কাৰ্যবাহী সদস্য গবিন্দ বসুমতাৰী আৰু বিটিচি ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাউৱাইছা বড়োয়ে। বঙাইগাঁও এলে’ভেন ষ্টাৰ আৰু কবিৰালি এফচিৰ মাজত অনুষ্ঠিত হোৱা চূড়ান্ত খেল খনত দুৰ্দান্ত খেল পৰিবেশনৰে বঙাই ইলে’ভেন ষ্টাৰ দলে ২-০ গ’লৰ ব্যৱধানত কবিৰালি দলক পৰাস্ত কৰিবলৈ সক্ষম হয়।