২০ জুনলৈ অসমত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

২০ জুনলৈ অসমত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

ৰঙিলী বাৰ্ত্তাসেৱা- ২০ জুনলৈ অসমত অব্যাহত থাকিব প্ৰবল বৃষ্টিপাত। ১৮ জুনলৈ অসমত ‘Red Alert’,১৯ আৰু ২০ জুনত ‘ Orange alert ‘ জাৰি বতৰ বিজ্ঞান কেন্দ্রৰ। পৰৱৰ্তী পাঁচ দিনত অসমৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী দিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। অহা পাঁচ দিনৰ ভিতৰত অসম, মেঘালয় আৰু অন্যান্য উত্তৰ-পূবৰ ৰাজ্যসমূহত ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে। এই সময়চোৱাত প্ৰতিদিনেই ১৫৫.৬ৰ পৰা ২০৪.৪ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হ’ব বুলি বুলেটিন খনত সদৰি কৰা হৈছে। ইফালে ১৫ জুনৰ পৰা ১৮ জুন পৰ্যন্ত অসমৰ কেইবাখনো জিলাত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই জিলা কেইখন হ’ল- গোৱালপাৰা, বৰপেটা, কামৰূপ, কামৰূপ মহানগৰ, কাৰ্বি আংলং, মৰিগাঁও, দৰং, ধেমাজি, ডিব্ৰুগড় আৰু শোণিতপুৰ।