২০৩৬ চনৰ ভিতৰত অসমৰ জনসংখ্যা হ’বগৈ ৪ কোটি

Pc The Janambhumi

২০৩৬ চনৰ ভিতৰত অসমৰ জনসংখ্যা হ’বগৈ ৪ কোটি

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০২৩-ত বিশ্বৰ আটাইতকৈ জনবহুল দেশ হ’ব ভাৰত।ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এখন প্রতিবেদন মতে, বিশ্বৰ আটাইতকৈ বেছি জনবহুল দেশ হিচাপে অহা বছৰ চীনক ভাৰতে চেৰ পেলাব।প্রতিবেদনখনত লগতে, এই বছৰৰ নৱেম্বৰৰ মাজভাগত বিশ্বৰ জনসংখ্যা ৮ বিলিয়ন (৮০০ কোটি) হ’ব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে।ৰাষ্ট্ৰসংঘৰ অর্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগৰ জনসংখ্যা শাখাই প্ৰস্তুত কৰা ‘দ্য ৱৰ্ল্ড পপুলেশ্যন প্রছপেক্ট ২০২২”ত কোৱা হৈছে যে ২০২২ চনৰ ১৫ নৱেম্বৰত বিশ্বৰ জনসংখ্যা ৮ বিলিয়ন হ’বগৈ। ২০২৩ চনত অতি জনবহুল দেশ হিচাপে ভাৰতে চীনক চেৰ পেলাব।দুয়োখন দেশত বর্তমান জনসংখ্যা ১.৪ বিলিয়নতকৈও বেছি।২০২২ চনত ভাৰতৰ জনসংখ্যা ১.৪১২ বিলিয়ন আৰু চীনৰ ১.৪২৬ বিলিয়ন।২০৫০ চনৰ ভিতৰত ভাৰতৰ সংখ্যা ১.৬৬৮ বিলিয়ন আৰু চীনৰ জনসংখ্যা ১.৩১৭ বিলিয়ন হ’ব। ২০৫০ চনৰ ভিতৰত বিশ্বত যিমান জনসংখ্যা বাঢ়িব, তাৰ ৫০ শতাংশ মাত্র আঠখন দেশত কেন্দ্রীভূত হৈ থাকিব।ইফালে অসমতো দ্ৰুত গতিত বৃদ্ধি পাইছে জনসংখ্যা।অসমত প্ৰতি বছৰে বৃদ্ধি পাই আছে ১ শতাংশ হাৰত জনসংখ্যা।যাৰ ফলত ২০৩৬ চনৰ ভিতৰত অসমৰ জনসংখ্যা হ’বগৈ ৪ কোটি।ৰাষ্ট্ৰীয় জনসংখ্যা আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০৩৬ চনলৈকে অসমৰ জনবসতি প্ৰতি বৰ্গ কিল’মিটাৰত ৩৯৮ গৰাকীৰ পৰা ৫০২ জনলৈ বৃদ্ধি হ’ব।জনসংখ্যা বৃদ্ধিৰ হাৰে অসমৰ লিংগ অনুপাত বৰ্তমানৰ ৯৫৮ৰ পৰা৯৭৬ লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰতিবেদন অনুসৰি ২০৩৬ ত পুৰুষৰ জনসংখ্যা ১,৯৯,৩৫,০০০ হোৱাৰ সম্ভাৱনা আছে।আনহাতে মহিলাৰ জনসংখ্যা ১,৯৪,৬৪,০০০ হোৱাৰ সম্ভাৱনা আছে।