২০২২ৰ পৰা আৰম্ভ হ’ব অসমত এইমছৰ চিকিৎসা সেৱাঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
অনলাইন বাৰ্ত্তাসেৱা– স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সৰ্বভাৰতীয় এইমছৰ সম্পৰ্কে বুজ লৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে ১৭ আগষ্টত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে চাংসাৰিত উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন কৰিব। কোভিডৰ পৰিবেশৰ বাবে বিগত সময়ছোৱাত নিৰ্মাণকাৰ্যত কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও বৰ্তমান এইমছৰ কাম যুদ্ধকালীন গতিত আগবাঢ়িছে। অহা বৰ্ষৰ পৰা এইমছৰ চিকিৎসা সেৱা আৰম্ভ কৰাৰ বাবেও তৎপৰতা চলাই আছে। ইতিমধ্যে চিকিৎসা প্ৰতিষ্ঠানখনৰ আয়ুস ভৱনৰ লগতে বহিঃবিভাগৰ সেৱা, হোষ্টেল, প্ৰশাসনিক বিভাগ, অতিথিশালাৰ গৃহ আদিৰ কাম নাৰ্গাজুনা কনষ্ট্ৰাকচন কোম্পানী চমুকৈ এনচিচিয়ে প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।
(R.T)