২০২০ বৰ্ষটো এছিয়া মহাদেশৰ আটাইতকৈ উষ্ণবৰ্ষ  বুলি ‘ষ্টেট অৱ ক্লাইমেট ইন এছিয়া’ শীর্ষক বার্ষিক প্রতিবেদনত প্ৰকাশ

pc- convserve Energy Future

২০২০ বৰ্ষটো এছিয়া মহাদেশৰ আটাইতকৈ উষ্ণবৰ্ষ  বুলি ‘ষ্টেট অৱ ক্লাইমেট ইন এছিয়া’ শীর্ষক বার্ষিক প্রতিবেদনত প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰসংঘৰ বিশ্ব বতৰ বিজ্ঞান সংস্থা (ডব্লিউএমঅ’)ৰ ‘ষ্টেট অৱ ক্লাইমেট ইন এছিয়া’ শীর্ষক বার্ষিক প্রতিবেদনত উল্লেখ কৰা অনুসৰি ২০২০ বৰ্ষটো এছিয়া মহাদেশৰ আটাইতকৈ উষ্ণবৰ্ষ আছিল। মহাদেশখনৰ প্ৰতিটো অঞ্চলত ২০২০ বৰ্ষটোত উষ্ণতাই অভিলেখ গঢ়িছিল। মহাদেশখনৰ কোটি কোটি লোক ইয়াৰ প্ৰতিকূল প্ৰভাৱৰ ফলত ভয়াবহ প্রাকৃতিক দুৰ্যোগৰ সাক্ষী হ’বলগীয়া হৈছিল। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন বা চি অ’ পি-২৬ সন্মিলনৰ পূৰ্বে ডব্লিউ এম অ’ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে এই প্রতিবেদন।গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱত মহাদেশখনত  কেইবালাখো লোকৰ মৃত্যু হৈছিল বুলিও উল্লেখ কৰা হৈছে ।