২০১৭ চনৰ পৰা চৰকাৰৰ ৬০০ তকৈও অধিক ছ’চিয়েল মিডিয়া একাউণ্ট হেক কৰা হৈছে: চৰকাৰ

২০১৭ চনৰ পৰা চৰকাৰৰ ৬০০ তকৈও অধিক ছ’চিয়েল মিডিয়া একাউণ্ট হেক কৰা হৈছে: চৰকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কৈছে যে ২০১৭ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ৬০০ তকৈও অধিক ছ’চিয়েল মিডিয়াৰ একাউণ্ট হেক কৰা হৈছিল। ঠাকুৰে কৈছিল যে ২০১৭ চনত মুঠ ১৭৫ টা, ২০১৮ চনত ১১৪ টা, ২০১৯ চনত ৬১ টা, ২০২০ চনত ৭৭ টা, ২০২১ চনত ১৮৬ টা আৰু এই বছৰৰ এতিয়ালৈকে ২৮ টা একাউণ্ট হেক কৰা হৈছিল। তেওঁ লগতে কয় যে চাইবাৰ নিৰাপত্তা বৃদ্ধিৰ বাবে ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দল স্থাপন কৰা হৈছে।