১৬সংখ্যক ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন

১৬সংখ্যক ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্ৰ দেশৰ লগতে অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়টো বিভিন্ন কাৰ্যসূচীৰে ‘১৬সংখ্যক ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস’ উদযাপন কৰা হয়। এইবছৰৰ পৰিসংখ্যা দিৱসৰ মূল বিষয় হ’ল-‘বহনক্ষম উন্নয়নৰ বাবে তথ্য’। সভাত অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়, অসমৰ সঞ্চালিকা নিৰুপমা তালুকদাৰে আদৰণি ভাষণ প্রদান কৰি কয় যে আন্তর্জাতিক খ্যাতিসম্পন্ন পৰিসংখ্যাবিদ অধ্যাপক প্রশান্ত চন্দ্র মহালানবিশৰ জন্মদিনটো সমগ্ৰ ভাৰততে পৰিসংখ্যা দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিৱসৰ মূল উদ্বোধনী অনুষ্ঠানত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পৰিসাংখ্যিক কাৰ্যালয়ৰ আঞ্চলিক ক্ষেত্ৰ কাৰ্যালয়, গুৱাহাটীৰ উপ প্রধান সঞ্চালিকা স্বপ্নালী ভট্টাচাৰ্যৰ লগতে অসম চৰকাৰৰ প্ৰধান সচিব অৰ্চনা বার্মাও উপস্থিত থাকে। বাৰ্মাই বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বিষয়ে বিস্তৃতভাৱে বক্তব্য প্রদান কৰি কয় যে – ফলপ্রসূ আৰ্থ সামাজিক পৰিকল্পনাৰ বাবে তথ্য এক গুৰুত্বপূৰ্ণ আহিলা। পৰিসংখ্যাৰ ভাৰতীয় পৰিকল্পনালৈ অধ্যাপক পি চি মহালানবিশে আগবঢ়োৱা অৱদানৰ পৰা প্ৰেৰণা লৈ জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাই এই দিৱস পালনৰ মূল উদ্দেশ্য।