১৫ বছৰ পিছত সাংবাদিক সৌম্যা হত্যাকাণ্ডৰ দোষীক শাস্তি প্ৰদান দিল্লীৰ এখন আদালতৰ

Pc-Dainik Statesman

১৫ বছৰ পিছত সাংবাদিক সৌম্যা হত্যাকাণ্ডৰ দোষীক শাস্তি প্ৰদান দিল্লীৰ এখন আদালতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সুদীৰ্ঘ ১৫ বছৰ পিছত সাংবাদিক সৌম্যা বিশ্বনাথনৰ হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত কৰি চাৰিজনক যাৱজ্জীৱন আৰু এজনক তিনি বছৰৰ কাৰাদণ্ডৰ ৰায় শুনালে দিল্লীৰ এখন আদালতে।দোষীসকলৰ ভিতৰত ৰবি কাপুৰ, অমিত শুক্লা, বলজিৎ মালিক আৰু অজয় কুমাৰক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় শুনাইছে আদালতখনে। অজয় চেট্টি নামৰ অন্য এজন দোষীক তিনি বছৰৰ কাৰাদণ্ডৰ ৰায় শুনোৱা হৈছে। আদালতে ৰায়দানৰ সময়ত উল্লেখ কৰে যে এই গোচৰটো বিৰলৰ ভিতৰত বিৰলতম নহয় । সেই বাবে দোষী সাব্যস্ত লোককেইগৰাকীক মৃত্যুদণ্ড দিয়া সম্ভৱ নহ’ল। উল্লেখনীয় যে দিল্লীৰ নিম্ন আদালতখনে যোৱা ১৯ অক্টোবৰত ৰবি, অমিত, বলজিৎ, অজয় কুমাৰ আৰু অজয় চেট্টিক দোষী সাব্যস্ত কৰিছিল গোচৰটোত। ২০০৮ চনৰ ৩০ ছেপ্টেম্বৰত কামৰ পৰা ঘৰলৈ ওভতাৰ সময়ত নিশা ৩ বজাত দিল্লীৰ বসন্তকুঞ্জৰ ওচৰত হত্যা কৰা হৈছিল ২৫ বছৰীয়া টিভি সাংবাদিক সৌম্যাক।