১৫ অক্টোবৰৰ মহত্ত্ব – মঞ্জুষা শৰ্মা

pc News18

১৫ অক্টোবৰৰ মহত্ত্ব

মঞ্জুষা শৰ্মা

বছৰৰ প্ৰতিটো দিনৰে একো একোটা বিশেষত্বৰ লগতে মহত্ত্বও থাকে। আজি এই ২০২১ চনৰ ১৫ অক্টোবৰৰ মহত্ত্বটো যে একেবাৰেই সুকীয়া ৷ যিটো কথা হয়তো আমি ভবাই নাই ৷ কাৰণ জাকজমকতাৰে পূৰ্ণ কৰি ভয় সংশয়হীন ভাৱে আমি সকলোৱে একেলগে নিৰ্বাচনৰ সময়ত উলিওৱা ৰেলিবোৰৰ দৰে বেলি ডুব যোৱাৰ লগে লগে ৰাষ্টাত বিৰ দি বাট নোপোৱা কৰি পূজাৰ আনন্দ লাভ কৰিছো ৷ তাৰ বাবে ইমান নীতি নিয়ম নথকাকৈ অহাত কষ্টৰ সন্মুখীন হৈছে হাতত বেট এডাল লৈ ৰৈ থকা আমাৰ কোনোবা আপোন এজন। যাৰ বাবে নাই ৰ‘দ – বৰষুণ , ভোক – পিয়াহ তথা কোনো ধৰণৰ উৎসৱ- পাৰ্ৱণৰ আনন্দ ও পৰিয়ালৰ পৰা বহুত দূৰত থকাৰ দুখ ৷ কিন্তু শাৰদীয় দুৰ্গা পূজাৰ বাবে বহুত আগৰ পৰাই এই চাৰিদিনৰ বাবে সাজু কৰি ৰখা সাজ — পোচাকৰ লগতে মিলাই লোৱা গহনা তথা চেণ্ডেলবোৰ যদি পিন্ধাই নহয় , পাৰ্লাৰত গৈ নিজকে সৌন্দৰ্যময়ী কৰি তোলাৰ থাকিব জানো কিবা সাৰ্থকতা ৷ এই সকলোবোৰ মূল্যহীন কৰি আজি বিজয়াদশমীৰ দিনা মা দুৰ্গাই পুৰোহিতৰ যতি নপৰা মন্ত্ৰৰ ধ্বনি , কাতৰ মিনতিকো ভ্ৰূক্ষেপ নকৰি সময়ৰ টিকনিডাল আগফালে বোলা কথাষাৰৰ মূল্য বুজি পল , দণ্ড , ক্ষণ অনুসৰি পূজাৰী তথা আয়তীৰ উৰুলি , নাম এৰি পুনৰ দোলাৰে অহাৰ বাটেৰে কৈলাসলৈ যে উৰা মাৰিব ৷ তাৰ লগে লগে পূজাৰ সকলো উৎসাহ ম্লান পৰিব মৃন্ময় মূৰ্ত্তি হৈ পৰা দেৱীক কোনোবা নদীৰ ঘাটত গৈ উটাই দিয়াৰ পিছতেই ৷ তাৰ বিপৰীতে আজি ১৫ অক্টোবৰৰ দিনটো আমাৰ চিৰ নমস্য মিছাইল মেন ৰূপে চিৰ পৰিচিত সহজ সৰল ৰূপত জীৱনৰ মূল্য বুজি পোৱা মহান ব্যক্তিজনৰ যে জন্ম দিন | সেই মহান ব্যক্তিজনাৰ সম্পূৰ্ণ নাম আছিল আবুল পাকিৰ জয়নালআবেদীন আব্দুল কালাম | ১৯৩১ চনৰ ১৫ অক্টোবৰৰ দিনা তামিলনাডুৰ ৰামেশ্বৰমত জয়নালআবেদীন মাৰাকেয়াৰ আৰু আচিয়াম্মাৰ ঔৰসত জন্ম গ্ৰহণ কৰিছিল |
তেখেতে ৰামেশ্বৰম প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা , ৰামনাথপুৰম শ্বাটৰ্জ হাইস্কুলত হাইস্কুলীয়া শিক্ষা , ত্ৰিচিনপোল্লীৰ ছেইণ্ট জোচেফ কলেজত কলেজীয়া শিক্ষা , মাদ্ৰাজ এম. আই. টি. ৰ পৰা বিমান বিদ্যা বিষয়ত অভিযান্ত্ৰিকৰ ডিপ্ল’মা আৰু বাঙ্গালোৰ হিন্দুস্তান এৰ’নেটিকচ লিমিটেডৰ পৰা বিমান বিদ্যা বিষয়ত অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল |
সৰুৰে পৰাই তেখেত এক ব্যতিক্ৰমী স্বভাৱৰ আছিল | তেখেতে আকাশৰ গভীৰতা আৰু উৰন্ত চৰাইজাক সাৰেং আৰু গঙ্গা – চিলনীয়ে আকাশী পথত উৰি থাকিবলৈ কৰা প্ৰচেষ্টাক গভীৰভাৱে নিৰীক্ষণ কৰাৰ ফলশ্ৰুতিতেই কৃত্ৰিম উপগ্ৰহ উতক্ষেপণত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল | এইজনা মহান ব্যক্তিৰ নেতৃত্বতেই মাত্ৰ দহ বছৰৰ ভিতৰতেই ভাৰতে পাঁচটা গুৰুত্বপূৰ্ণ মিছাইল প্ৰকল্প বাস্তৱত ৰূপায়ণ কৰি ভাৰতক মহাশক্তিধৰ ৰাষ্ট্ৰত পৰিণত কৰিব পাৰিছিল | সেইকেইটা হ’ল — নাগ , পৃথ্বী , আকাশ , ত্ৰিশূল আৰু অগ্নি নামৰ ক্ষেপনাস্ত্ৰৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা বিভাগটো যথেষ্ট শক্তিশালী হৈছিল | তাৰবাবেই তেখেত মিছাইল মানৱ নামে প্ৰখ্যাত হৈ পৰিছিল | বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ উপৰিও সংগীত আৰু সাহিত্যৰ প্ৰতি থকা অনুৰাগ তেখেতৰ ব্যক্তিত্বৰ প্ৰধান ভূষণ আছিল | নিজৰ কৰ্মৰাজিৰ বাবে তেখেতক বিভিন্ন সময়ত বিভিন্ন বঁটাৰে সন্মানিত কৰা হৈছিল | সেইবোৰৰ ভিতৰত ডক্ট’ৰেট ডিগ্ৰী , জাতীয় নেহৰু বঁটা , বীৰ ছাভাৰকাৰ বঁটা , ইন্দিৰা গান্ধী জাতীয় সংহতি বঁটাৰ উপৰিও ভাৰত চৰকাৰৰ দ্বাৰা পদ্মভূষণ , পদ্মবিভূষণ , ভাৰতৰত্ন আদিয়েই প্ৰধান | কালাম দেৱৰ অসমীয়ালৈ অনূদিত গ্ৰন্থকেইখন হ’ল — আমাৰ সপোন , মিছন ইণ্ডিয়া , অগ্নিৰ ডেউকা , তেজস্বী মন |
কালামদেৱৰ মতে শিশুৰ ১৫ বছৰ বয়সলৈকে পিতৃ – মাতৃ , প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষক সকলেই তেওঁলোকৰ আদৰ্শৰ নায়ক | সেয়ে তেখেতে শিক্ষাৰ্থীসকলৰ সৈতে অতি আন্তৰিকতাৰে ভাৱ বিনিময় কৰি ফুৰিছিল | তেনে এটি ভাৱ বিনিময় অনুষ্ঠান যোৰহাটৰ টোকোলাই চাহ গৱেষণা কেন্দ্ৰত অনুষ্ঠিত হৈছিল | সেই সুযোগতে আমিও ভাগিন দুটাৰ লগতে তেনে এজন মহান ব্যক্তিক একেবাৰে ওচৰৰ পৰা চাই নয়ন সাৰ্থক কৰি নিজকে ধন্য মানিছিলো | ২০১৫ চনৰ ২৭ জুলাই তাৰিখে শ্বিলঙৰ ‘ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ দি থকা অৱস্থাতেই তেখেতে মৃত্যুক আকোঁৱালি লৈছিল | এইজনা মহান ব্যক্তিয়ে ২০০২ চনৰ পৰা ২০০৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতিৰ আসন অলংকিত কৰিছিল | আজি জন্মদিনৰ দিনা আমি সকলোৱেই তেখেতৰ শ্ৰদ্ধাৰে স্মৰণ কৰো আহক |