অনলাইন বাৰ্ত্তাসেৱা – আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডাত এটা আৱাসিক অট্টালিকা খহি পৰাৰ ফলত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে। অনুসন্ধান আৰু উদ্ধাৰৰ প্ৰচেষ্টা এতিয়াও অব্যাহত আছে, মিয়ামি-ডেডৰ মেয়ৰ ডেনিয়েলা লেভিন কাভাই কয়। বৃহস্পতিবাৰে হোৱা এই ঘটনাৰ চাৰি দিনৰ পিছত, মিয়ামিৰ ওচৰৰ এখন উপকূল চহৰ চাৰ্ফচাইডত ১৫০ ৰো অধিক লোকৰ এতিয়াও সন্ধান ওলোৱা নাই। কুকুৰ, চোনাৰ, ড্ৰোন আৰু ইনফ্ৰাৰেড স্কেনিংৰ দ্বাৰা জীৱিত সকলৰ সন্ধান চলাই থকা হৈছে।
১৫০ৰো অধিক লোকৰ এতিয়াও সন্ধান ওলোৱা নাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডাত খহি পৰা আৱাসিক অট্টালিকাৰ পৰা
