১২২ বছৰীয়া হ’ল তাহানিৰ কটন কলেজ

১২২ বছৰীয়া হ’ল তাহানিৰ কটন কলেজ

ৰঙিলী বাৰ্ত্তাসেৱা-  ১২২ বছৰীয়া হ’ল তাহানিৰ কটন কলেজ৷কটনৰ স্মৃতি সোঁৱৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নষ্টালজিক হৈ পৰে৷তেওঁ এই কটন বিশ্ববিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ আছিল৷১৯৮৮ৰ পৰা১৯৯২ চনলৈ তিনিটা কাৰ্যকালৰ বাবে কটন কলেজ ইউনিয়ন চ’ছাইটিৰ সাধাৰণ সম্পাদক আছিল৷মুখ্যমন্ত্ৰী ড° শৰ্মাই এই সুন্দৰ শুভক্ষণত চচিয়েল মিডিয়াত নিজৰ মতামত প্ৰদান কৰি কয়-কটন কলেজৰ আজি গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসৰ দিনটোত বহু পুৰণি স্মৃতিয়ে দোলা দিছে৷নিজে পঢ়ি অহা শিক্ষানুষ্ঠানৰ স্মৃতিয়ে প্ৰতিজনকে নষ্টালজিক কৰাৰ দৰে ময়ো স্মৃতিকাতৰতাত ডুব যাওঁ মই পঢ়া শিক্ষানুষ্ঠানৰ কথা সুঁৱৰি৷কটন কলেজৰ আজি ওপজা দিনত শিক্ষানুষ্ঠানখনৰ সৈতে অতীত তথা বৰ্তমানত যিকোনো ধৰণে জড়িত সকলোলৈকে মোৰ হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিলোঁ৷লগতে যিসকলৰ কঠোৰ সাধনা,অধ্যৱসায়ে কটনক মহীয়ান কৰিলে জীৱিত অথবা প্ৰয়াত সকলোকে মোৰ প্ৰণাম যাচিলোঁআজি শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কটন বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তনত ৰাজ্যপাল,কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে ভাষণত কয়-বিশ্ব এতিয়া প্ৰতিযোগিতাৰে ভৰি পৰিছে আৰু তীব্ৰ প্ৰতিযোগিতাৰ এই যুগত জীয়াই থাকিবলৈ আমাৰ মেধাৱী যুৱ ছাত্ৰ-ছাত্ৰীসকলে উৎকৃষ্টতাৰ বাবে চেষ্টা কৰিব লাগিব। এয়া নিঃসন্দেহে ’যোগ্য ভোগ্য বসুন্ধৰাৰ যুগ’।ডিগ্ৰী প্ৰাপ্ত সকললৈ শুভেচ্ছা জ্ঞাপন কৰি অধ্যাপক মুখীয়ে সমাজৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ এক দায়িত্ব আছে বুলি গুৰুত্ব আৰোপ কৰে। ‘আমাৰ দেশে আমাক সকলো দিছে। বিনিময়ত আমি কিবা এটা ঘূৰাই দিয়া উচিত। তোমালোকে দেশত থাকি দেশৰ সেৱা কৰা উচিত। আমাৰ দেশে নতুন উদ্যোগ স্থাপনৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিছে। সেয়েহে, আমাৰ ছাত্ৰ-ছাত্ৰীসকলে সহযোগিতা কৰা উচিত, দেশত থকা উচিত আৰু দেশৰ সেৱা কৰি আত্মনিৰ্ভৰ হোৱা উচিত।’

অনুষ্ঠানত অসমীয়া সাহিত্য আৰু কাৰ্বি ভাষালৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙক সন্মানীয় ডি.লিট. ডিগ্ৰী প্ৰদান কৰা হয় ৷ সৰ্বমুঠ ১৩৭৫ জন ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয়৷সমাৱৰ্তন অনুষ্ঠানত ৫৭ জন বিভিন্ন বিষয়ত শীৰ্ষ স্থান লাভ কৰা ছাত্ৰীক সোণৰ পদক প্ৰদান কৰাৰ লগতে ১১ জন ছাত্ৰ-ছাত্ৰীক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।এই উপলক্ষে সমাৱৰ্তনত বক্তা হিচাপে উপস্থিত থকা হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বসুত্কৰ জগদীশ্বৰ ৰাৱে তেওঁৰ ভাষণত এটা জাতি গঠনত গুণগত শিক্ষাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ আৰু কয় যে আমাৰ দৰে এটা মহান জাতিৰ ভৱিষ্যত ইয়াৰ যুৱ প্ৰজন্ম, তেওঁলোকে গ্ৰহণ কৰা শিক্ষাৰ মানদণ্ড আৰু মূল্যবোধৰ ওপৰত নিৰ্ভৰশীল। উচ্চ শিক্ষাৰ ভূমিকা কেৱল তথ্য যোগাল ধৰাই নহয়, আনকি কেৱল বুদ্ধিৰ বিকাশ কৰাই নহয়, কল্পনা আৰু সৃষ্টিশীলতাক প্ৰজ্বলিত কৰাও ইয়াৰ লক্ষ্য। এইবোৰ কেৱল শৈক্ষিক কথা নহয় ৷ আমি পণ্ডিত আৰু নেতাও সৃষ্টি কৰিব লাগিব ৷ ছাত্ৰ-ছাত্ৰী সকলক কেৱল চাকৰিৰ বাবে নহয়, কেৰিয়াৰৰ বাবে প্ৰস্তুত কৰিব লাগিব৷

অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৱে অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভাষণত কয় যে  উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে পাঠ্যক্ৰমসমূহ তিনিটা মূল বিষয়ত কেন্দ্ৰীভূত কৰিব লাগে আৰু সেইকেইটা হ’ল ছাত্ৰ-ছাত্ৰীৰ নিয়োগযোগ্যতা বৃদ্ধি কৰা পাঠ্যক্ৰম প্ৰস্তুত কৰা, উদ্যোগী সৃষ্টিৰ ক্ষেত্ৰত প্ৰেৰণা যোগোৱা আৰু গৱেষণাত গুৰুত্ব  প্ৰদান কৰা।প্ৰতিবেদন দাখিল কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড° ভবেশ চন্দ্ৰ গোস্বামীয়ে বিগত দুবছৰত হোৱা উন্নয়নৰ ক্ষেত্ৰত আলোকপাত কৰে।এক শৈক্ষিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা সমাৱৰ্তন অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ আচাৰ্য, উপাচাৰ্য, শিক্ষামন্ত্ৰী, সমাৱৰ্তন বক্তা, পঞ্জীয়ক, শৈক্ষিক পঞ্জীয়ক, ডীন সকল, বিশ্ববিদ্যালয় কোৰ্ট, কাৰ্যবাহী পৰিষদ আৰু শৈক্ষিক পৰিষদৰ সদস্য সকলে অংশ গ্ৰহণ কৰে ৷ শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে পঞ্জীয়ক অধ্যাপক দিগন্ত কুমাৰ দাসে। অনুষ্ঠানটোৰ আতঁ ধৰে ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা ড°মেৰী বৰুৱাই ৷

অনুষ্ঠানটো সফলভাৱে সম্পন্ন কৰাৰ বাবে উপাচাৰ্য অধ্যাপক ভবেশ চন্দ্ৰ গোস্বামী আৰু সমাৱৰ্তন আহ্বায়ক ড° শান্তনু চক্ৰৱৰ্তীয়ে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে।উল্লেখ্য,১৯০১ চনৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষা,সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ ধবজাবাহক কটন কলেজখন ২০১১ চনত অসম চৰকাৰে কটন কলেজ ষ্টেট ইউনিভাৰ্চিটিলৈ উন্নীত কৰে৷১৯০১ চনত কটন কলেজ হিচাপে ব্ৰিটিছ চৰকাৰে ইয়াক প্ৰতিষ্ঠা কৰিছিল৷প্ৰথমে কলকাতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কটন কলেজ পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছিল৷২০১১চনত কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় স্হাপন হোৱাত কটন কলেজ ইয়াৰ অন্তৰ্ভুক্ত হ’ল৷২০১৭ চনত অসম চৰকাৰে কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি কটন বিশ্ববিদ্যালয় ৰাখিলে তথা কটন কলেজক এখন পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়ৰ মৰ্যদা দিয়া হ’ল৷