১০ ডাউনিং ষ্ট্ৰীটত দেৱালী উদযাপন ইউকেৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ

Pc India.com

১০ ডাউনিং ষ্ট্ৰীটত দেৱালী উদযাপন ইউকেৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ব্ৰিটেইনত জ্বলি উঠিল দিপাৱলীৰ চাকি । চাকি তথা লেম্পৰ পোহৰেৰে ১০ নম্বৰ ডাউনিং ষ্ট্ৰীট উদ্ভাষিত হৈ পৰিল । নৱনিৰ্বাচিত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকে নিজৰ হাতেৰে দীপাৱলী উপলক্ষে জ্বলাইছিল চাকি । তেওঁ লগতে কয় যে ১০ নং ডাউনিং ষ্ট্ৰীটত এই অনুষ্ঠান কৰি তেওঁ যথেষ্ট সুখী। বুধবাৰে নিশা ১০ নং ডাউনিং ষ্ট্ৰীটস্থিত নিজৰ বাসগৃহত দীপাৱলীৰ আয়োজন কৰে নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী গৰাকীয়ে । নতুন প্ৰধানমন্ত্ৰী গৰাকীয়ে দীপাৱলীৰ শুভেচ্ছাও জনায় সমগ্ৰ বিশ্বতে থকা ভাৰতীয় লোক সকলৰ লগতে ব্ৰিটেইনৰ জনতাক । চাকি জ্বলাই থকা ছবিখন টুইট কৰি তেওঁ লিখিছিল, ‘এখন সুস্থিৰ ব্ৰিটেইন গঢ়ি তোলাৰ চেষ্টা কৰিম য’ত আমাৰ ল’ৰা-ছোৱালীয়ে ধুনীয়াকৈ লাইট জ্বলাই ৰাখিব পাৰে।’ ঋষি সুনাকৰ দীপাৱলী উদযাপন এয়া প্ৰথমবাৰৰ বাবে নহয় । ইয়াৰ পূৰ্বে ২০২০ চনত তেওঁ চ্যান্সেলৰ হিচাপে কাৰ্যকালত নিজৰ বাসগৃহ ১১ ডাউনিং ষ্ট্ৰীটতো লেম্প জ্বলাইছিল।