হৰদত্ত-বীৰদত্ত ভৱনৰ আধুনিকীকৰণ সম্পূৰ্ণ ৰাইজৰ নামত উৎসর্গা বিধায়ক ভবেশ কলিতাৰ

pc facebook

হৰদত্ত-বীৰদত্ত ভৱনৰ আধুনিকীকৰণ সম্পূৰ্ণ ৰাইজৰ নামত উৎসর্গা ভবেশ কলিতাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ঐতিহাসিক দন্দুৱা দ্ৰোহৰ দুই বীৰ ভাতৃৰ স্মৃতিবিজড়িত হৰদত্ত-বীৰদত্ত ভৱনৰ আধুনিকীকৰণৰ কাম সম্পূর্ণ হৈছে। উল্লেখ্য যে ২০২০- ২১ বিত্তীয় বৰ্ষৰ আনটাইড ফাণ্ডৰ ৮০ লাখ টকা আৰু ৰঙিয়া পৌৰসভাই আবণ্টন দিয়া ৪০ লাখ ৭৯ হেজাৰ টকাৰে ভৱনটোৰ আধুনিকীকৰণৰ ব্যৱস্থা হাতত লোৱা হৈছিল। ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ভৱনটো আনুষ্ঠানিকভাৱে ৰাইজৰ নামত উৎসর্গা কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভবেশ কলিতাই কয় যে ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনৰ সৈতে কামৰূপৰ স্বাধীনচিতীয়া লোকৰ বীৰগাথা জড়িত হৈ আছে। ইয়াক ৰঙিয়াৰ বুকুত জাকত জিলিকা কবি ৰাখিব লাগিব। ৰঙিয়াৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে ভৱনটোৰ আধুনিকীকৰণ অত্যন্ত জৰুৰী আছিল। উল্লেখ্য, আবণ্টিত ১ কোটি ২০ লাখ ৭৯ হেজাৰ টকাৰে ভৱনটোৰ শব্দ নিয়ন্ত্রণ ব্যৱস্থা, শীতাতপ নিয়ন্ত্রণ ব্যৱস্থা আদিৰ আধুনিকীকৰণ কৰাৰ উপৰি পোহৰ, বিজ্ঞানসম্মত মঞ্চ, উন্নত মানৰ আসন আদিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি ভবনটোৰ সন্মুখভাগো সৰ্বাংগসুন্দৰভাৱে সজাই তোলাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে সাংসদ পুঁজিৰ ৫০ লাখ টকা ব্যয়েৰে প্রায় ১০ বছর পূর্বে ভৱনটো নতুনকৈ নিৰ্মাণ কৰা হৈছিল যদিও ইয়াৰ বিসংগতিপূর্ণ শব্দ ব্যৱস্থা, নিশকতীয়া আসনৰ ব্যৱস্থা, দুর্বল আৰু অবিজ্ঞানসম্মত মঞ্চ, খোৱাপানী, টয়লেট, পোহৰ আদিৰ পয়ালগা ব্যবস্থা আদিয়ে সকলোকে ভীষণ অসুবিধাত পেলাই আহিছিল। আজিব অনুষ্ঠানত সদ্যপ্রয়াত কোকিলকণ্ঠী গায়িকা, ভাবতৰত্ন লতা মংগেশকাৰলৈ গভীর শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত বিজেপিৰ অসম প্ৰদেশৰ সাংগঠনিক সাধারণ সম্পাদক ফণীন্দ্র নাথ শৰ্মা, জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, ৰঙিয়াৰ মহকুমাধিপতি জাভিৰ ৰাহুল সুবেশ, বিজেপিৰ জিলা প্রভাৰী পবিত্র মাৰ্ঘেৰিটাকে ধৰি ভালেসংখ্যক গণ্য মান্য লোক উপস্থিত থাকে।