হেৰাই যায় শব্দবোৰ
বুকুখনত কলৰৱ
অজস্ৰ শব্দৰ,
তথাপি বাকৰুদ্ধ মই ।
শব্দবোৰ অপ্ৰকাশ্য হৈ ৰয়,
বন্দী হৈ ৰয় হৃদয়ৰ মাজত ।
কেতিয়াবা কিছু শব্দ
অৱশব্দ হিচাপে
মনৰ দুৱাৰ মেলি
নিজে নিজেই ওলাই আহে –
সেয়া কাৰো বোধগম্য নহয় ।
কিছু শব্দ হেৰাই যায়
জটিল সময়ৰ
প্ৰহেলিকাময় গৰ্ভত ।
শ্বাহিনশ্বাহ ইকবাল
লক্ষীপুৰ, গোৱালপাৰা