হেৰাই গৈছে নেকি “পোহন বিয়া”
– দিব্যজ্যোতি ৰাজখোৱা
দেৰগাঁও,যুৱলেখক
জন্ম-মৃত্যু আৰু বিবাহক লৈ প্ৰতিখন সমাজত বহুধৰ্মী বিশ্বাস,ৰীতি নীতি বিদ্যমান ৷ এই ৰিতী-নীতি বা বিশ্বাসখিনিয়েই নিজ নিজ সমাজ বা জাতিক সুকীয়া মাত্ৰা প্ৰদান কৰিছে ৷ ভাৰতবৰ্ষৰ ভিতৰতেই অসমীয়া সমাজৰ এক বিশেষ সমাদৰ আছে কিয়নো অসম বৈচিত্ৰপূৰ্ণ ৰাজ্য বা সমাজ ৷ বৈচিত্ৰতা প্ৰদান কৰিছে বিভিন্ন সাংস্কৃতিক কাৰকসমূহে ৷ অসমীয়া সমাজত সন্তান জন্মদিয়াৰ পৰা ডাঙৰ দীঘল হোৱালৈ, ঋতুমতী হোৱাৰ পৰা উচ্চশিক্ষালৈ,প্ৰাপ্তবয়স্কৰ পৰা বিবাহলৈ,বিবাহৰ পৰা মৃত্যু পৰ্যন্ত বিভিন্ন ৰীতি নীতি প্ৰচলিত হৈ আহিছে ৷
সংস্কৃত বুৰঞ্জীত সন্তান জন্ম,জন্ম দিয়া বা জননী হোৱা এটি আৰ্শীবাদসেবৰূপ ৷ এটা দেহৰ ভিতৰত আন এটা নতুন দেহৰ জীৱন-ধাৰণ বৰ স্বাভাৱিক যেন লাগিলেও ই বৰ সাধাৰণ কথা নহয় ৷ এই সময়ছোৱাত আনন্দ মুখৰ পৰিৱেশ এটিৰ লগতে ভয়-আশংকাৰ ভাৱো প্ৰতি মুহূৰ্ততে জড়িত থাকে ৷ প্ৰথম মাতৃসম্ভৱা নাৰীৰ বাবে ই এটা চমকপ্ৰদ অভিজ্ঞতা ৷ সন্তান সম্ভাৱনাৰ এই কালছোৱাত দেহৰ বিভিন্ন পৰিৱৰ্তনৰ লগে লগে হ’ব খোজা মাতৃ গৰাকীৰ মানসিক পৰিৱৰ্তনো লক্ষ্য কৰা যায় ৷ ভূমিষ্ঠ হ’বলগীয়া সন্তান আৰু হ’ব খোজা পিতৃ-মাতৃৰ মংগলৰ কাৰণে এই সময়ছোৱাত বিভিন্ন উৎসৱ-পাৰ্বণ আদি পালন কৰা হয় ৷ গৰ্ভধাৰণৰ প্ৰথম অৱস্থাৰেপৰা যথেষ্ট সাৱধানতাৰে আগবঢ়াৰ উপৰি গৰ্ভধাৰণ কৰাৰপৰাই মাতৃগৰাকীক সন্তানৰ মংগল কামনা কৰি পঞ্চম মাহত পঞ্চামৃত খুউৱা,সপ্তম মাহত সাঠভক্ষণ কৰোৱা,আঠমাহত পুংসৱন পতা আৰু নৱমমাহত জেউৰা আদি খুউৱা নিয়ম আমাৰ সমাজত প্ৰচলিত আছে ৷
উপৰোক্ত অনুষ্ঠানকেইটাৰ ভিতৰত লুপ্তপ্ৰায় হ’বলৈ ধৰা অনুষ্ঠান হ’ল অষ্টমমাহৰ “পোহনবিয়া” অনুষ্ঠান ৷ “পোহন বিয়া” পুংসৱন শব্দৰ পৰা সৃষ্টি হোৱা বুলি বহুতো গৱেষক পণ্ডিতে ক’ব খোজে ৷ বেদতো এই বিয়া আৰু ইয়াৰ বিভিন্ন ৰিতী-নীতিৰ কথাৰ উল্লেখ পোৱা যায় ৷ পোহন বিয়াত হ’ব খোজা পিতৃ-মাতৃক বৰ বিয়াৰ দৰে মাহ-হালধি সানি,বিয়া নাম গাই ঘটত তুলি অনা পানীৰে বেইৰ তলত গা খুইৱা হয় ৷ অশুচি গাৰে নোওৱা খুৰ,কটাৰী,দা আদি একো নলগোৱা অনাকটা কাপোৰ একোখন অইন নতুন সাজৰ লগত পিন্ধোৱা হয় ৷ গা-ধুওৱাৰ পাছক দৰা কইনাক ৰভাতলীলৈ অনা হয় ৷ এগৰাকী লগুণধাৰী ব্যক্তিয়ে বট গছৰ ঠানি এডাল লৈ দৰা-কইনা কাপোৰত ধৰি আহে আৰু ব্ৰাহ্মণ পুৰোহিত এগৰাকীয়ে তেওঁলোকক ৰভাতলীলৈ আৰু সমাজৰ ওচৰলৈ আদৰি আনে ৷ কোনো কোনোৰ মতে বটগছৰ ঠানি লৈ অহা ব্যক্তিগৰাকী মাক-দেউতাকৰ প্ৰথম সন্তান হোৱাটো বাঞ্ছনীয় ৷ বিয়াৰ সময়ত এটা ঘটত দশাৱতাৰ চিত্ৰ আঁকি ৰভাতলীত থৈ দিয়া হয় ৷ সাত পুৰুষৰ শ্ৰাদ্ধ কৰাৰ পাছত হোম পুৰি দৰা-কইনাক আকৌ এবাৰ বিয়া পাতি দিয়া হয় ৷ বিয়াত বহিবলৈ তেওঁলোকক কঁঠাল বা ডিমৰু গছৰ পীৰাত এখন অনাকটা গামোচা পাৰি দিয়া হয় ৷ কইনাই পিন্ধা অনাকটা শাৰীখনত ঠিক নাভিৰ তলতপৰা অংশখিনিত পুৰোহিতে এজোৰ খৰমৰ ছৱি আৰু গোপন মন্ত্ৰ লেখি দিয়ে ৷ এই মন্ত্ৰ সন্তানৰ গালৈ বাগৰি যায় বুলি এটা বিশ্বাস আছে ৷ কইনাৰ ডিঙিত নাভিলৈকে ওলমি পৰাকৈ ৰঙা সূতাৰে এখন তামৰ সৰু কুঠাৰৰ লগতে হাইথা আৰু পদুমফুল এটা গাঁথি পিন্ধোৱা হয় ৷ বিয়াৰ সময়ত হোমৰ আগত এটা পাত্ৰত এজোৰ মাগুৰ মাছ থৈ দিয়া নিয়ম বহু ঠাইত প্ৰচলিত আছে ৷ মাছহালে লৰচৰ নকৰিলে ল’ৰা সন্তান হয় বুলি এটা জনবিশ্বাসো আছে ৷ তদুপৰি বটগছৰ পাত গুড়ি কৰি দৰা-কইনাক শুঙিবলৈ দিয়া হয় ৷ এই বিয়াত বটগছৰ ব্যৱহাৰ বৰ তাৎপৰ্যপূৰ্ণ ৷ বিয়া হৈ যোৱাৰ পাছত দৰা-কইনাই সেই ৰাতি কইনাই মাকৰ ঘৰৰ পৰা অনা বস্তুৰে চাৰিদিন ব্ৰত কৰিব লাগে ৷ সেইদিনা জ্ঞাতি-কুটুম্ব,বন্ধু-বৰ্গ আৰু ওচৰ-চুবুৰীয়াক মাতি বিয়াৰ দৰে ভোজ-ভাতো খুউৱা হয় ৷
কইনাই ব্ৰতত থকা দিন কেইটাত এখন সৰু গামোচাত পহুনলীয়া কটাৰী এখন,ডালিম,জাঁইফল আদিৰে এটা টোপোলা কৰি লগত ৰাখিব লাগে ৷ চাৰিদিনৰ অন্তত ব্ৰত ভঘাৰ পাছত টোপোলাটো পানীত দলিয়াই দিয়া হয় ৷
সাধাৰণতে আগৰ দিনত সন্তানসম্ভৱা মাতৃ গৰাকীয়ে আঠমাহত ভৰি দিয়াৰ পিছত ডাঙৰক বা মান্যজনক পানী এটুপিও দিয়াত বাধা আছিল ৷ কিন্তু পুংসৱন বা “পোহন বিয়া” হৈ যোৱাৰ পাছত এই নিষেধ আঁতৰি যায় বুলি ধৰি লোৱা হৈছিল ৷
বাৰু যায় কি নহওঁক অসমীয়া সমাজ-সংস্কৃতিৰ লগত পোহন বিয়াৰ সম্বন্ধ অটুত ৷ বৰ্তমান সময়ত প্ৰায় এই পোহন বিয়া বিলুপ্তিৰ পথত ইয়াৰ কাৰণ হয়তো এনেকৈও আমি কৱ পাৰো মানুহৰ কৰ্মব্যস্ততা আৰু মানুহৰ আৰ্থিক অৱস্থা ৷ একোখন বিয়া পাতিবলৈ মানুহৰ যিমান অৰ্থৰ প্ৰয়োজন হয় প্ৰায় আনুসংগিক পোহন বিয়াতো প্ৰয়োজন ৷ গতিকে হয়তো সেইবাবেও পোহন বিয়া বৰ্তমান আমি চিনি নাপাওঁ ৷ বৰ্তমানৰ বহু লোকেই হয়তো এই পোহন বিয়াৰ সৱিশেষ নাজানে তথাপিও কিন্তু পোহন বিয়াক সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত প্ৰজনন শক্তিৰ অন্যতম বাৰ্তাবাহক হিচাপে চিহ্নিত কৰিব পাৰি ৷