“হেলেন কেলাৰ” – বন্দিতা শৰ্মা কন্দলি

pc American Foundation for the Blind

          মৰমৰ অকণিহঁত, আজি তোমালোকক এনেকুৱা এগৰাকী মহীয়সী নাৰীৰ কথা ক’ব খুজিছো যিগৰাকীয়ে মাত্র ১৯ মাহ বয়সতে মগজু আৰু পেটৰ ৰোগত গুৰুতৰভাৱে আক্ৰাস্ত হৈ অন্ধ আৰু কলা হৈ পৰিছিল। কিন্তু শাৰীৰিক প্রতিবন্ধকতাক নেওচি তেওঁ সুলেখক, ৰাজনৈতিক কর্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত হৈ পৰিছিল। জীৱনৰ মাত্র ১২ বছৰ বসয়তে তেওঁ লিখি উলিয়াইছিল ‘দ্য ফ্ৰষ্ট কিং’ নামৰ গ্ৰন্থখন। ২২ বছৰ বয়সত তেওঁ প্ৰকাশ কৰিছিল তেওঁৰ আত্মজীৱনী ‘দ্য ষ্ট’ৰী অব মাই লাইফ (১৯০৩)। যিখন গ্রন্থ বর্তমান চি বি এছ ই ব’ৰ্ডৰ দশম শ্রেণীৰ পাঠ্যপুথিৰ অন্তৰ্গত। তেওঁ ১৯০৮ চনত লিখি উলিয়াইছিল ‘ৱ’ৰ্ল্ড আই লিভ ইন’। ১৯২৭ চনত আধ্যাত্মিক দৃষ্টিকোণেৰে লিখি উলিয়াইছিল তেওঁৰ দ্বিতীয়খন আত্মজীৱনী ‘মাই ৰিলিজন’। তেওঁ জীৱনকালত মুঠ ১২খন বহুমূলীয়া গ্রন্থ প্ৰকাশ কৰিছিল। এইগৰাকী মহীয়সী নাৰীয়েই হৈছে হেলেন কেলাৰ। তেওঁৰ সম্পূর্ণ নাম আছিল হেলেন আডম্‌ছ কেলাৰ। ১৮৮০ চনৰ ২০ জুনত আমেৰিকাৰ তুস্কোম্বিয়া, আলবামাত জন্মগ্রহণ কৰা হেলেনৰ পিতৃ আৰ্থাৰ এইচ কেলাৰ এজন সাহিত্যিক আৰু মাতৃ কেট আডম্‌ছ এগৰাকী বিদূষী মহিলা আছিল। সৰু কালছোৱাত হেলেনক তেওঁলোকৰ ঘৰুৱা সহায়কাৰীগৰাকীৰ কন্যা মাথা ৱাশ্বিংটনে সেউজীয়া পৃথিৱীখনৰ বিষয়ে চিনাকি কৰাই দিয়াৰ উপৰি বিভিন্ন পুতলা আৰু গৰম-ঠাণ্ডা পানীৰ অনুভৱ কৰোৱাইছিল৷ সেই সময়ত টেলিফোনৰ আৱিষ্কাৰক গ্রাহামবেলে কাণেৰে নুশুনা ল’ৰা-ছোৱালীৰ বাবে কাম কৰিছিল। সেয়ে হেলেনৰ পিতৃ-মাতৃয়ে তেওঁক গ্রাহামবেলৰ ওচৰলৈ নিয়ে। গ্রাহামবেলৰ পৰামৰ্শ মর্মে হেলেনক দক্ষিণ ব’ষ্টনত থকা ‘পার্কিন্স ইনষ্টিটিউট ফৰ ব্লাইণ্ড’ বিদ্যালয়ত নামভৰ্তি কৰে ৷ ১৮৮৭ চনৰ মাৰ্চ মাহত এন চুল্লিভান নামৰ এগৰাকী ব্যক্তিয়ে হেলেনক ঘৰতে শিক্ষাদান কৰিবলৈ আৰম্ভ কৰে। চুল্লিভানৰ প্ৰচেষ্টাতে হেলেনে শব্দৰ উচ্চাৰণ কৰিবলৈ আৰু বাহিৰৰ পৃথিৱীখনৰ বিষয়ে বহু জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল। ১৮৯৬ চনত চুল্লিভানৰ সৈতে হেলেন নিউয়ৰ্কলৈ যায় আৰু ৰাইট হিউমাচন স্কুল ফৰ দ্য ডীফত নামভৰ্তি কৰে। ১৯০৩ চনত ৰেডক্লিফ কলেজত নামভৰ্তি কৰে। ১৯০৪ চনত সেই কলেজৰ পৰাই সন্মানসহকাৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁৱেই প্রথম কলা শাখাত স্নাতকোত্তৰ ডিগ্রী লাভ কৰা বাক আৰু শ্ৰৱণশক্তিবিহীন ব্যক্তি। তেওঁৰ প্রচেষ্টাতেই ১৯২০ চনত ‘আমেৰিকাৰ চিভিল লিবার্টিজ’ আৰু ‘আমেৰিকান ফাউণ্ডেচন ফৰ ৱাইণ্ড’ নামৰ সংস্থাটোৰো জন্ম হৈছিল। ১৯৬৮ চনৰ ১ জুনৰ দিনা হেলেন কেলাৰে ইহলীলা সম্বৰণ কৰে। এইগৰাকী মৰণবিজয়ী ব্যক্তিৰ উক্তিটো আমি সকলোৱেই মনত ৰাখিবলৈ চেষ্টা কৰিমহঁক – ‘মই লাভ কৰা জীৱনটো অপব্যয় কৰিব নিবিচাৰো। বৰং ইয়াক অধিক বিভূষিত কৰি তুলিব খোজো। জীৱনটো যাপন কৰিবৰ বাবে নহয় – কিবা এটা উদ্দেশ্যত উপনীত হ’বলৈহে।’

বন্দিতা শৰ্মা কন্দলি,
ফোন : ৮০১১৮৫০১৭২