“হেঁঁতেন” এটা বিষাক্ত শব্দ- বিন্দু ৰাজবংশী কলিতা

Pc- business standard

“হেঁঁতেন” এটা বিষাক্ত শব্দ

বিন্দু ৰাজবংশী কলিতা

পৃথিৱীৰ সকলো মানুহেই জীৱনত কিবা নহয় কিবা এটা বিষয়ত বা কাৰ্যত ব্যৰ্থ হব লগীয়াত পৰে।ব্যৰ্থতাই বহুতৰে জীৱনলৈ চৰম হতাশা কঢ়িয়াই আনি জীৱনটো কোঙা কৰি পেলাই।ইয়াৰ কাৰণ হৈছে ব্যৰ্থতাক সহজতে মানি লৈ আমি নিজকে স্থবিৰ কৰি পেলাওঁ। ব্যৰ্থতাক জীৱনৰ অভিশাপ হিচাপে লওঁ।আচলতে ব্যৰ্থতা জীৱনৰ অভিশাপ নহয়।বৰঞ্চ ই জীৱনক নতুন পথৰ সন্ধান দিয়ে। ইতিহাসৰ পাত লুটিয়ালে আমি দেখিবলৈ পাওঁ যে পৃথিৱীৰ বিখ্যাত বিখ্যাত নেতা,বৰেণ্য শিল্পী সাহিত্যিক সকলে ব্যৰ্থতাক আশীৰ্বাদ হিচাপে লৈ নতুন উদ্যমেৰে আগবাঢ়িছিল,আৰু এটা সময়ত উন্নতিৰ শিখৰত আৰোহণ কৰি উজ্বলি উঠিছিল।মানুহৰ জীৱনটোৱেই এটা প্ৰত্যাহ্বান। হতাশাগ্ৰস্ত সময়ত আমি বেছিভাগেই হৈ যোৱা কাহিনীৰ কাৰণতো বাৰে বাৰে ফহিয়াই চাওঁ।মনতে ভাবো “এইটো কৰা হেতেন,এইটো হোৱাহেতেন”মোৰ এনে নহ’লহেতেন বা হ’ল হেতেন।এতিয়া যেন আৰু একো উপায়েই নাই।”হেতেন” শব্দটোৰে আমি সন্মুখৰ দুৱাৰবোৰ বন্ধ কৰি দিব খোজো।আচলতে সেয়া সমূলি নহয়।বৰঞ্চ হতাশাগ্ৰস্ত সময়ত নিজৰ মনক সঠিক মানসিক চিন্তাৰে আত্মবিশ্বাসী কৰি গঢ়ি তোলাৰ প্ৰয়োজন।সকলো ব্যক্তিৰ মনৰ ভিতৰত এটা অসাধাৰণ ক্ষমতা সুপ্ত হৈ থাকে।সেইটো হৈছে আমাৰ সুস্থিৰ মানসিকতাৰ প্ৰৱল ইচ্ছা শক্তি।যাক কোৱা হয় (will power)।বিখ্যাত কবি হেনৰীয়ে লিখিছিল”ময়েই মোৰ ভাগ্য নিয়ন্ত্ৰক, ময়েই মোৰ আত্মাৰ অধিনায়ক।”প্ৰবল আত্মবিশ্বাস আৰু মানসিক শক্তিয়ে জীৱন জয়ৰ আচল চাবকাঠি।পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ বৈজ্ঞানিক টমাছ আলভা এডিছন জন্মতেই এজন মেধাবী চাত্ৰ হৈ অহা নাছিল।স্কুলীয়া জীৱনত আৰ্থিক দৈন্যতাৰ লগতে ঘৰুৱা সমস্যা বোৰৰ বাবে তেওঁৰ প্ৰদৰ্শন আছিল একেবাৰে পয়ালগা।শিক্ষক আৰু অভিভাৱকৰ দ্বাৰা অনুপ্ৰাণিত হৈহে পিছলৈ বিশ্ববিখ্যাত হিচাপে প্ৰতিষ্ঠিত হৈছিল।সমস্যা বোৰক জীৱনৰ উন্নতিত বাধা বুলি ভবা হেতেন তেওঁক আজি কোনেও চিনি নাপালে হয়।ঠিক সেইদৰে আব্ৰাহাম লিংকনৰ দৰে এগৰাকী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰপতি জীৱনতো অনেক ব্যৰ্থতা আহিছিল।তথাপিও তেওঁ পিছলৈ ঘূৰি চোৱা নাছিল।ব্যৰ্থতা বোৰে তেওঁক দিছিল নতুন সাহস।কোনো বাধাই তেওঁক হতাশ কৰিব পৰা নাছিল। পৃথিৱীৰ ইতিহাসত দেখা বহুতো নেতাই পৰাধীন দেশ এখনক মুক্ত কৰিবলৈ জীৱনৰ সমস্ত সময় অতিবাহিত কৰে। বাৰম্বাৰ অসফলতাৰ পিছতো হতাশ নহয়।তাৰ ভিতৰত আয়াৰ লেণ্ডৰ ৰবাৰ্ট ব্ৰুচৰ নাম লব পাৰি।আফ্ৰিকান সকলৰ নেতা নেলছন মেণ্ডেলাই তিনিটা দশক জুৰি কাৰাবাসত কটাইছিল তথাপিও তেওঁৰ মনৰ পৰা প্ৰৱল ইচ্ছা শক্তিক কোনেও আতৰ কৰিবলৈ সমৰ্থ হোৱা নাছিল।কোনো বাধা বিঘিনিয়ে তেওঁৰ মনৰ দৃঢ়তাক অৱদমন কৰিব নোৱাৰিলে। বিশ্ব বৰেণ্য ব্যক্তি সকলৰ জীৱন অধ্যয়ন কৰিলে এই একেখিনি মানসিক শক্তিয়েই আমি দেখিবলৈ পাওঁ।মনৰ দৃঢ়তা ,প্ৰৱল ইচ্ছা শক্তিয়ে সফল জীৱনত অনন্য ভুমিকা লৈছিল। হেনৰীক ইবচেনৰ দৰে পৃথিৱীৰ বিখ্যাত নাট্যকাৰ জনৰ জীৱনো আছিল প্ৰথমাৱস্থাত কেৱল ব্যৰ্থতাৰে পৰিপূৰ্ণ।প্ৰথম অৱস্থাত তেওঁ নাটসমূহক জনপ্ৰিয় কৰিব পৰা নাছিল।তথাপিও তেওঁ হাৰ নামানি নিজেই নিজৰ প্ৰেৰণা হৈ নাটক লিখি গ’ল আৰু এদিন সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিল।মুঠতে বিশ্বত এনেকুৱা অজস্ৰ উদাহৰণ পোৱা যায়। ভাৰতবৰ্ষৰ ইতিহাসতো এনে বহুতো ব্যক্তি আছে যি সকলে জীৱনত যিমান সংঘাত আহিলেও থমকি ৰব শিকা নাই।উদাহৰণস্বৰূপে মহামানব মহাত্মা গান্ধীয়ে অহিংস আন্দোলনৰ মাধ্যমেৰে দুশ বছৰীয়া ইংৰাজ শাসকক খেদি পঠিয়াবলৈ সক্ষম হৈছিল।এই সমগ্র সময়ছোৱাত অনেক বাধা,অনেক সংঘাত, অনেক ব্যৰ্থতা আহিছিল যদিও তেওঁ হতাশ হৈ পিছুৱাই যোৱা নাছিল অথবা অহিংস নীতি ত্যাগ কৰা নাছিল।হতাশা অথবা ব্যৰ্থতাক তিলমানো প্ৰশ্ৰয় দিয়া নাছিল।ভাল কামৰ প্ৰতি থকা ইচ্ছা শক্তিয়ে হৈছে সৎ গুণ।এই সৎ গুণৰ বাবেই মানুহ অমৰ হব পাৰে।দূৰলৈ নগৈ আমি একবিংশ শতিকাৰ বিশ্ববিখ্যাত বৈজ্ঞানিক ষ্টিফেন হকিংৰ উদাহৰণ লব পাৰো।তেওঁ কেৱল এগৰাকী বৈজ্ঞানিকেই নাছিল ।তেওঁ আছিল প্ৰচণ্ড মানসিক শক্তিৰ উৎকৰ্ষ সাধক। মাত্ৰ বাইশ বছৰ বয়সতে শাৰিৰীক প্ৰতিবন্ধতাক নেওচি এখন হুইল চেয়াৰত বহি কেৱল এটা আঙুলিৰ শক্তিৰে মহাজগতৰ গৱেষণা কৰি সফল হৈছিল।আৱিষ্কাৰ কৰিছিল কৃষ্ণ গহ্বৰ। নিজৰ ৰুগ্ন শৰীৰক হুইল চেয়াৰত এৰি থৈ জীৱনটো যদি ট্ৰেজিক কৰি পেলালে হয় হয়তো বিশ্ববাসীয়ে আধুনিক বিজ্ঞানৰ নতুন তথ্য এটা উদ্ভাৱন কৰা দিশত বহু শতিকা পিছুৱাই ৰব লগীয়া হ’ল হেঁতেন।তেওঁ কৈছিল”we only have to look at ourselves to see how intelligents life might develop in to something we wouldn’t want to meet”

“সঠিক মানসিক ভঙ্গী এনে এক অভ্যাস যাৰ দ্বাৰা সকলো সমস্যাৰ কাৰণ ,নিৰ্ধাৰণ, আৰু মূল্যায়ন কৰিব পৰা যায়।সঠিক মানসিক ভঙ্গীৰ ব্যক্তি এজনে সমস্যা সমাধানৰ কাৰ্যত আত্মনিয়োগ কৰে আৰু তাক তেওঁ নিয়ন্ত্ৰণ কৰে। সঠিক মানসিক ভঙ্গী এনে এক অভ্যাস যি জীৱনৰ ক্ষেত্ৰত বাট ভেটি ধৰা সকলো ধৰণৰ প্ৰভাৱ বিস্তাৰকাৰী অৱস্থাৰ মুখামুখি হোৱাৰ সাহস যোগায়।এই সময়ত তেওঁ নিজৰ মুৰ ঠাণ্ডা ৰাখি যিকোনো ধৰণৰ অপ্ৰিয় অৱস্থাক চম্ভালিব পাৰে।”(নেপোলিয়ন হিল) ইতিহাসত পোৱা চৰম ব্যৰ্থিত আচনি,ব্যক্তি, অথবা একোখন বিশাল সাম্ৰাজ্যৰ পতনৰ কাৰণ এই “হেঁঁতেন” শব্দটো। ব্যৰ্থ জীৱনৰ শেষ সময়ত আমি নিজৰ ভুলবোৰ বুজি উঠো আৰু তেতিয়া অত্যন্ত আপছোচেৰে কৈ উঠো”যদি এইটো কৰিলো হেঁতেন হয়তো আজি এনে দশা নহ’ল হেঁতেন।” এই শব্দটো কেৱল এটা নঞৰ্থক আৰু বিষাক্ত । আমি আজি কিবা এটা কাম কৰি ব্যৰ্থ হ’লে পিছদিনা “এইটো যদি এনেকৈ কৰিলো হেঁতেন” বুলি ভাবি ভুলতেও সময় অপচয় কৰিব নালাগে বৰঞ্চ নতুনকৈ আৰম্ভ কৰিব লাগে। দাৰ্শনিক এমাৰ্ছনে কৈছিল”দিনটোৰ কাম দিনটোতে শেষ কৰিব লাগে।আজিৰ কাম বা কথাক কাইলৈ চোঁঁচৰাই নিনিব।কালি ৰৈ যোৱা কামখিনি আজিৰ নতুন কাম হিচাপে কৰিব,আজিৰ ৰৈ যোৱাখিনি নতুন কাম হিচাপে কাইলৈ কৰিব।” জীৱনৰ সাফল্য আৰু সুখৰ বাবে আমি “হেঁতেন” নামৰ শব্দটোকে পাহৰি যাওঁ আহক।