হৃদয়ত মাতৃৰ অপৰূপ স্থান
যমুনা দুলু বৈশ্য
শুৱালকুছি
এই পূৰ্ণভূমিত তোমাৰ মহিমা অপাৰ
তুমি ত্যাগী , ধৈৰ্যশীলা ,তোমাৰ তুলনা নাই,
দুখতো দুখী মা,তুমি চিৰ জ্যোতিষ্মান
দেখুৱালা , চিনাকিৰে জীৱন ধন্য কৰিলা ,
অ , মা জনমে , জনমে পাওঁ যেন
তোমাৰে কোলা ,
যাৰ বাবে দেখিলো এই পৃথিৱী
তুমি আজীৱন যুগ যুগান্তৰ এৰিব নোৱাৰাৰ
চিনাকি ,
হে , মানৱতা এবাৰ ভাবা
নিজৰ বুকুখনলৈ চোৱা
যি গৰাকীৰ মাতৃ য়ে গৰ্ভত ৰাখি
ধুই ,পখালী , খুৱাই এখোজ , দুখোজকৈ
ডাঙৰ কৰিলে,
সেই মাতৃক ,বৃদ্ধ অৱস্থাত দুখ নিদিবা ঐ
মানুহ হৈ জনম ধৰিছা এবাৰ
মাতৃৰ মুখলৈ চোৱা চোন
জন্ম দিয়া মা ,হয় ঐ
তুমি যি জীৱন পালা ,
সেই মাতৃ গৰাকীক অৱহেলা নকৰিবা
হৃদয়ে ,হৃদয়ে বিচাৰে মৰম
হৃদয়ত মাতৃৰ অপৰূপ স্থান ,
ক’তো নোপোৱা ,
কাৰো লগত তুলনা নকৰিবা ও
এই মাতৃৰ মৰম ।