হিন্দু ৰাষ্ট্ৰ মহাসভাৰ ৰাজ্যিক প্ৰভাৰীৰ দায়িত্বত ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী

হিন্দু ৰাষ্ট্ৰ মহাসভাৰ ৰাজ্যিক প্ৰভাৰীৰ দায়িত্বত ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী

ৰঙিলী বাৰ্ত্তাসেৱা- অখণ্ড ভাৰতৰ লক্ষ্যৰে প্ৰতিষ্ঠা হোৱা হিন্দু ৰাষ্ট্ৰ মহাসভাৰ অসমৰ ৰাজ্যিক প্ৰভাৰীৰ দায়িত্ব ন্যস্ত কৰা হৈছে ‘আমাৰ অসম’ কাকতৰ প্ৰাক্তন ডেপুটী এডিটৰ ৰঞ্জন কুমাৰ চক্ৰৱৰ্তীৰ ওপৰত। ছাত্ৰাৱস্থাৰপৰাই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এ বি ভি পি)ৰ জিলাৰ কাৰ্যকৰ্তাৰ দায়িত্বত থকা চক্ৰৱৰ্তী পৰৱৰ্তীসময়ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভগ্নী সংগঠন সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ আৰু সহকাৰ ভাৰতী অসমৰ সৈতেও জড়িত হৈ পৰে। আৰ এছ এছৰ আদৰ্শৰে অনুপ্ৰাণিত ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী ১৯৭৯ চনত গঠন হোৱা আগমনি আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক যুটীয়া সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি বিদেশী বহিষ্কাৰ আন্দোলনতো সক্ৰিয় ভূমিকা পালন কৰিছিল। হিন্দু ধৰ্ম তথা ৰাষ্ট্ৰৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাৰ স্বীকৃতিস্বৰূপে জ্যেষ্ঠ সংবাদিক চক্ৰৱৰ্তীক এই নিযুক্তি প্ৰদান কৰে সংগঠনটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাজা দিলীপ কুমাৰ শৰ্মাই। উল্লেখ্য, হিন্দু ৰাষ্ট্ৰ মহাসভাৰ অন্যতম প্ৰতিষ্ঠাপক দিল্লীৰ নূপুৰ শৰ্মা।