অনলাইন বাৰ্ত্তাসেৱা – ইমৰাণ খান চৰকাৰে ৮৯ বছৰ পুৰণি হিন্দু ধৰ্মশালা ভাঙি তাত প্লাজা নিৰ্মাণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে পাকিস্তানৰ উচচ্চতম ন্যায়ালয়ে স্থাগিতাদেশ জাৰি কৰিলে। আদালতে কয় যে ১৯৩২ চনত উক্ত ধর্মশালা স্থাপন হৈছিল। সেয়ে পুৰণি এই ধর্মশালাখনক ‘ঐতিহ্য ক্ষেত্র’ হিচাপে সংৰক্ষণ কৰা উচিত বুলি আদালতে মন্তব্য কৰে। স্মর্তব্য যে কৰাচীস্থিত উক্ত ধর্মশালাখন ৬,৪৪৪বর্গফুট অঞ্চলত প্ৰসাৰিত হৈ আছে। ইমৰাণ খান চৰকাৰে উক্ত হিন্দু ধর্মশালা ভাঙি তাত বাণিজ্যিক প্লাজা নির্মাণ কৰিব বিচাৰিছিল৷
হিন্দু ধৰ্মশালা ভাঙি তাত প্লাজা নিৰ্মাণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে পাকিস্তানৰ উচচ্চতম ন্যায়ালয়ৰ স্থাগিতাদেশ
